১ লাখ বা দুই লাখ টকা ধাৰ নহয় ৷ ভাৰতীয় হিচাবত মুঠ ১ কোটি ১৯ লাখ টকাৰ ধাৰ এই গৰাকী ছাত্ৰীৰ ৷ এই গোটেইখিনি খৰচ হৈছিল বিশ্ববিদ্যালয়ত উচ্ছ শিক্ষা গ্ৰহণত ৷ যুৱতী গৰাকীয়ে টপাৰ হিচাপে সফলতাৰে শেষ কৰিছিল নিজৰ পাঠ্যক্ৰম । কিন্তু ইমান টকা ঋণ লৈ খৰচ কৰিও পঢ়া শেষ কৰি যুৱতীগৰাকীয়ে লাভ নকৰিলে কোনো চাকৰি ৷
নামজ্বলা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পাঠ্যক্ৰমৰ খৰচ কিমান হ’ব পাৰে ? আচৰিত যেন লাগিলেও পঢ়াৰ খৰচ জোৰা মাৰিবলৈকে এই বৃহৎ ধনৰাশি ঋণ ল’ব লগা হৈছিল এই যুৱতী গৰাকীয়ে । ফলত এতিয়া নিজৰ যৌবনৰ অমূল্য ডিম্বাণু বিক্ৰী কৰি ঋণ মাৰিব লগা হৈছে যুৱতী গৰাকীয়ে ৷
এই ঘটনাটো ঘটিছে আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৷ যুৱতী গৰাকীৰ নাম কাছাণ্ড্ৰা জোনছ ৷ বয়স ২৮ বছৰ ৷ নিউয়ৰ্ক বিশ্ববিদ্যালয়ত নিজৰ পঢ়াৰ খৰচৰ বাবে কাছাণ্ড্ৰাই প্ৰায় ১ লাখ ৬০ হাজাৰ মাৰ্কিন ডলাৰ ঋণ ল’ব লগা হৈছিল ৷ ভাৰতীয় হিচাবত প্ৰায় ১ কোটি ১৯ লাখ টকা ৷
যুৱতী গৰাকীয়ে শেহতীয়াভাৱে সংবাদ মাধ্যমক জনাইছে নিজৰ এই কাহিনী ৷ ঋণ পৰিশোধ কৰিবলৈ ইতিমধ্যেই ৫ বাৰ নিজৰ ডিম্বাণু বিক্ৰী কৰিছে তাই ৷ পাঁচবাৰত মুঠ ৫০ হাজাৰ মাৰ্কিন ডলাৰ লাভ কৰিছে ৷ এতিয়াও বাকী ১ লাখ ১০ হাজাৰ ডলাৰ। ভাৰতীয় হিচাবত প্ৰায় ৮২ লাখ টকা ৷
এইদৰে ডিম্বাণু বিক্ৰী কৰাৰ পৰিণতি পৰৱৰ্তী সময়ত কাছাণ্ড্ৰাৰ বাবে বিপদজনক হ’ব পাৰে বুলি চিকিৎসকে তেঁওক ইতিমধ্যে সতৰ্কবাণী শুনাইছে ৷ কিন্তু তাৰ পিছতো নিজৰ ধাৰৰ বোজাৰ বাবে এই কৰ্মৰ পৰা আতৰি আহিব পৰা নাই যুৱতীগৰাকী ৷
কাছাণ্ড্ৰাৰ পিতৃ-মাতৃ আৰু শুভাকাংখী সকলে তেঁওক সহায়ৰ বাবে আগবাঢ়ি আহিছে যাতে তাই আৰু ডিম্বাণু বিক্ৰী কৰিব লগা নহয় ৷