বয়সত ডাঙৰ নাৰীৰ প্ৰেমত পৰাৰ ৫ টা কাৰণ
আমাৰ সমাজত সাধাৰণ ধাৰণা যে প্ৰেমিকা হ’ব প্ৰেমিকতকৈ সৰু। সেই তাহনিৰ পৰাই এইটো প্ৰথা । বেছিভাগ মানুহে বিবাহৰ ক্ষেত্ৰত এই বয়সৰ হিচাপ অনুসৰণ কৰে। কিন্তু বহুলোকে সমাজৰ চিনাকি নিয়মবোৰ অনুসৰণ কৰিব নিবিচাৰে। তেওঁলোকে অলপ বেলেগ হ’ব বিচাৰে।
বহুক্ষেত্ৰত, প্ৰেমিকা প্ৰেমিকতকৈ ডাঙৰ হয়। নিক-প্ৰিয়ংকা হওঁক বা মালাইকা-অৰ্জুন হওঁক, সুস্মিতা সেন-ৰোমান শালকো এক উদাহৰণ হিচাপে গণ্য কৰিব পাৰি।
এইটো ক’ব পাৰি যে এয়া এতিয়া নতুন প্ৰৱণতা। কিন্তু পুৰুষসকলে নিজতকৈ ডাঙৰ প্ৰেমিকা কিয় বাছনি কৰে ? কিয় ?
১. বয়সত এজন সৰু প্ৰেমিকা মানে তাইৰ এহেজাৰ ঠেহ। আজি চিনেমা চাবলৈ লৈ যাওক কাইলৈ বজাৰ কৰক। তাইৰ বাবে, প্ৰেমৰ অৰ্থ হৈছে আৱেগৰ ৰঙত সপোনৰ জাল বুনোৱা। কিন্তু এগৰাকী ডাঙৰ মহিলাৰ বাবে সম্পৰ্কৰ অৰ্থ হৈছে দায়িত্ব, কৰ্তব্য।
২. ডাঙৰ মানে তেওঁৰ অভিজ্ঞতাও বহুত বেছি। তেওঁ কেৱল ৰুটিনতে নহয় সম্পৰ্কতো নতুনকৈ উত্তীৰ্ণ হোৱা কলেজীয়া প্ৰেমতকৈ বহুত বেছি দক্ষতা প্ৰদৰ্শন কৰিব পাৰে।
৩. সম্পৰ্কৰ অৰ্থ হৈছে পৰিণাম নিবিচাৰি ইজনে সিজনৰ সৈতে খাপ খোৱা। প্ৰেমিকা সৰু হ’লে সমস্যাটো প্ৰেমিকে সমাধান কৰিব লাগিব। কিন্তু প্ৰেমিকা ডাঙৰ হ’লে দুয়োজনে সমানে ইয়াৰ সমাধানৰ দায়িত্ব লয় ৷ লগতে, বয়সত ডাঙৰ প্ৰেমিকাৰ সৈতে ভুল বুজাবুজিৰ সমস্যা কম হয়৷ কাৰণ তেওঁ প্ৰতিটো পৰিস্থিতিৰ সৈতে খুব বেছি খাপ খাব পাৰে৷
৪. যেতিয়া প্ৰেমিকা সৰু হয়, তেতিয়া তেওঁ তেওঁৰ প্ৰেমিকৰ বহুতো কাৰ্য প্ৰতিৰোধ কৰে। সেয়া পাৰ্টি হওঁক বা বন্ধুবৰ্গৰ সৈতে বাৰ্তালাপেই হওঁক বা পাৰিবাৰিক কথাই হওক ।
৫. এক কথাত কবলৈ গ’লে এজন সফল পুৰুষৰ জীৱনত হাত থাকে নাৰীৰ। অৰ্থাৎ, সবাতোকৈ সফল পুৰুষে এগৰাকী নাৰীৰ অনুপ্ৰেৰণাত জীৱনৰ সফলতাৰ শিখৰত উপনীত হ’বলৈ সাহস কৰে৷ যদি আপুনি এজন বয়সত ডাঙৰ প্ৰেমিকা স’তে সম্পৰ্কত থাকে , তেন্তে সফলতাৰ জখলাত উপনীত হোৱাৰ সম্ভাৱনা বহুত বৃদ্ধি পায়৷