অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এছবি), হীৰেন চন্দ্ৰ নাথক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকৰ বাবে মনোনীত কৰা হৈছে। নাথৰ উপৰিও, আন ১৩ জন আৰক্ষী বিষয়াক মেধাৱী সেৱাৰ বাবে আৰক্ষী পদকৰ বাবে নামকৰণ কৰা হৈছে। মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰত অসম আৰক্ষীৰ আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জি পি সিঙে মঙলবাৰে এই বিষয়াসকলক অভিনন্দন জনায়।
”বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক আৰু মেধাৱী সেৱাৰ বাবে ভাৰতীয় আৰক্ষী পদক লাভ কৰা সকলো @assampolice কৰ্মচাৰীক অভিনন্দন।,” তেওঁ টুইট কৰি কয়।
গৃহ মন্ত্ৰালয়ে ২০২২ চনৰ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ৯৩৯ টা আৰক্ষী পদক ঘোষণা কৰিছে। ৯৩৯ টাৰ ভিতৰত, বীৰত্বৰ বাবে ১৮৯ টা আৰক্ষী পদক (পিএমজি), বিশিষ্ট সেৱাৰ বাবে ৮৮ টা ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক (পিপিএম) আৰু ৬৬২ টা মেধাৱী সেৱাৰ বাবে আৰক্ষী পদক প্ৰদান কৰা হৈছে। আনহাতে, এই বছৰ প্ৰদান কৰা বীৰত্বৰ বাবে ১৮৯ টা আৰক্ষী পদকৰ ১১৫ টা (৬০%) জম্মু-কাশ্মীৰ আৰক্ষীলৈ গৈছে। চিআৰপিএফে ৩০ টা কৈ বীৰত্ব পদক, আইটিবিপি আৰু এছএছবিয়ে ৩টা কৈ আৰু বিএছএফে ২টা কৈ বীৰত্ব পদক লাভ কৰিছে।