বিজেপিৰ জেষ্ঠ্যনেতা জীৱন চুতীয়াৰ উপস্থিতিত গোলাঘাট জিলাত বিজেপিত যোগদান একাংশ কংগ্ৰেছ কৰ্মীৰ
ৰাজ্যত এতিয়া দল ত্যাগৰ ঢৌ উঠিছে কংগ্ৰেছ কৰ্মীৰ। ৰাজ্যৰ বহুকেইজন হাইপ্ৰফাইল নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে এতিয়া দলটোৰ তৃণমূল পৰ্যায়ৰ বহুকৰ্মীয়েও একেই পথ অনুসৰণ কৰিছে।মঙলবাৰে গোলাঘাট জিলাৰ ২নং পুখুৰীপাৰা গাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা জীৱন চুতীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ উপ-সভাপতি দিনেশ ভিলোৱাৰীয়া আৰু উৰিয়ামঘাট মণ্ডলৰ সভানেত্ৰী নিৰদা বৰা গগৈৰ উপস্থিতিত
মধ্যমপুৰ মণ্ডলৰ কংগ্ৰেছ দলৰ
সম্পাদক মেঘনাথ বড়োকে আদি কৰি সদস্য ক্ৰমে ধীৰেন বসুমতাৰী, নিপুন খাখলাৰী, সুবাস দৈমাৰী, বিপুল খাখলাৰী, কমল খাখলাৰী, হাবিৰাম খাখলাৰী আৰু শশীকান্ত বড়োৱে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে। উক্ত অনুষ্ঠানত বিজেপি দলৰ বহুতো সদস্য-সদস্যা উপস্থিত থাকে।

