অগ্নিপথ ছবিৰ হৃত্বিকৰ ভনীয়েকে এতিয়া যৌৱনৰ আবেদনে কঁপাইছে বলীউড
১৫ বছৰ বয়সত তেওঁ অভিনয় জগতত প্ৰৱেশ কৰে। আৰম্ভণিতে, তেওঁ হৃত্বিক ৰোশন, প্ৰিয়ংকা চোপ্ৰা আৰু সঞ্জয় দত্তৰ দৰে চুপাৰষ্টাৰৰ সৈতে পৰ্দাত ওলায় । কম বয়সতে অভিনয় কৰি তেওঁ দৰ্শকৰ মনত এক প্ৰভাৱ পেলাইছিল। তেওঁৰ নাম কণিকা তিৱাৰী। অগ্নিপথ ছবিখনত হৃত্বিক ৰোশনৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই কণমানি ছোৱালীজনী আজি এগৰাকী সুন্দৰী যুৱতী।
কণিকা তিৱাৰীৰ জন্ম ভূপালত হৈছিল। অভিনয় জগতৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছে। তেওঁ জনপ্ৰিয় হিন্দী দূৰদৰ্শন অভিনেত্ৰী দিব্যাঙ্কা ত্ৰিপাঠীৰ সম্পৰ্কীয় ভগ্নী । যেতিয়া হৃত্বিক ৰোশন, প্ৰিয়ংকা চোপ্ৰা, কেটৰিণা কাইফ, সঞ্জয় দত্তৰ দৰে অভিনেতাৰ লগত এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ চৰিত্ৰৰ বাবে মুখ বিচাৰি আছিল, ছবিখনৰ নিৰ্মাতাসকলে ৬০০০ ছোৱালীৰ অডিচন লৈছিল। কণিকাই সকলোৰ পৰা চৰিত্ৰটো কাঢ়ি লৈছিল । যেতিয়া তেওঁ এই চলচ্চিত্ৰখনৰ বাবে সন্মত হৈছিল, তেওঁৰ মাধ্যমিক পৰীক্ষা আগত আছিল। তথাপি বলীউডৰ চলচ্চিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিব নোৱাৰিলে। এই ছবিখনত অভিনয় কৰি কণিকাই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। যদিও এগৰাকী নৱাগত, তেওঁৰ প্ৰথম চলচ্চিত্ৰখনত উদ্যোগটোত নিজৰ এক চিন ৰাখিছিল। তাৰ পিছত ৯ বছৰ পাৰ হ’ল। কিন্তু কণিকাক আন কোনো চলচ্চিত্ৰত অভিনয় কৰা দেখা পোৱা নাই। কিন্তু এতিয়া অভিনেত্ৰীগৰাকী ক’ত আছে?
অগ্নিপথ চলচ্চিত্ৰৰ সেই সৰু ছোৱালীজনী আজি বহুত ডাঙৰ হ’ল। আজি তেওঁৰ বয়স ২৬ বছৰ। সৌন্দৰ্য, গ্লেমাৰত, তাই যিকোনো লোকক টক্কৰ দিব পাৰে। আজি তেওঁক দেখাটো কঠিন। বহুলোকে কয় যে অভিনেত্ৰীগৰাকীৰ ৰং সলনি হৈছে। সময়ৰ লগে লগে যৌৱনত প্ৰৱেশ কৰাৰ পিছৰে পৰা কণিকা অধিক আকৰ্ষণীয় হৈ পৰিছে। যদিও বলীউডত নহয়, তেওঁ ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়।
অভিনেত্ৰীগৰাকী সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়। সামাজিক মাধ্যমতো তেওঁৰ বহুতো অনুৰাগী আছে। তেওঁৰ এখন ফটো ছচিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে ভাইৰেল হৈ পৰিছে। তেওঁক সামাজিক মাধ্যমত বোল্ড বিউটি বুলি জনা যায়। যদিও তেওঁক বলীউডৰ আন কোনো চলচ্চিত্ৰত দেখা পোৱা নাই, তেওঁ এই মুহূৰ্তত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ যথেষ্ট পৰিচিত মুখ। তেওঁ ইখনৰ পিছত সিখনকৈ তেলেগু, তামিল আৰু কানাড়া চলচ্চিত্ৰত অভিনয় কৰি আহিছে।
