বুধবাৰে অসমত মুঠ ২১ জন ক’ভিডত মৃত্যু৷ ১৯৫২ জন আক্ৰান্ত।
ৰাজ্যত কৰ’না সংক্ৰমণ অব্যাহত আছে ৷ বুধবাৰে অসমত মুঠ ১৯৫১ জন ক’ভিডত আক্ৰান্ত হৈছে। অৱশ্যে আনদিনাতকৈ বুধবাৰে দিনটোত ৰাজ্যত কৰ’না পৰীক্ষা কৰা লোকৰ সংখ্যা কম ৷ বুধবাৰে মুঠ ১৯৮০৩ জন লোকৰে ক’ভিড পৰীক্ষা কৰা হয় ৷
গুৱাহাটী মহানগৰীত ৪২২ জন ক’ভিডত সংক্ৰমিত হৈছে ৷
ক’ভিড সংক্ৰমণত বুধবাৰে মৃত্যুৰ সংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে ৷ ৰাজ্যত চৰকাৰী তথ্য অনুসৰি মুঠ ২১জন লোকৰ কৰ’নাত মৃত্যু ঘটে ৷ মঙলবাৰে এই সংখ্যা আছিল ১৯ জন ৷ দিনটোত অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৯.৮৫ শতাংশ।