শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰ আৰু চৰাইদেউৰ সদৰ সোণাৰিতো ৭৩ তম্ গণৰাজ্য দিৱস উদযাপন
ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউতো দেশৰ ৭৩ তম্ গণৰাজ্য দিৱস উদযাপন কৰা হয় । জিলা দুখনৰ উপায়ুক্ত দুগৰাকীয়ে পুৱা প্ৰতিকূল বতৰৰ মাজতে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত আনন্দৰাম বৰুৱা উদ্যান আৰু পিয়লি ফুকন উদ্যানত শ্বহীদ তৰ্পণ কৰে । ১০৬ নং সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শ্বহীদ তৰ্পণ কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱা ক’ভিডৰ কাৰণে এইবাৰ সাংস্কৃতিক তথা সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকে । জিলা সদৰ শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত উপায়ুক্ত মেঘ নিধি দাহালে আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । ক’ভিড প্ৰট’কল অনুসৰি সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত সোণাৰিত পতাকা উত্তোলন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই । ভাষণৰ আৰম্ভণিতে উপায়ুক্ত গৰাকীয়ে শিৱসাগৰৰ গৌৰৱ প্ৰতিথযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাটো অতি আনন্দৰ বতৰা বুলি উল্লেখ কৰে । তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । জিলা দুখনৰ আৰক্ষী, বেটেলিয়নৰ অভিবাদন গ্ৰহণ কৰে উপায়ুক্ত দুগৰাকীয়ে । শিৱসাগৰত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াই উপায়ুক্তৰ সৈতে অনুষ্ঠানত উপস্থিত থকা জিলাখনৰ মুক্তি যুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনায় ।
ফাৰহান লস্কৰৰ বাতৰি, (শিৱসাগৰ)