শ্ৰদ্ধাঞ্জলি কাননত সপৰিয়ালে মুখ্যমন্ত্ৰীৰ শ্বহীদ স্মৰণ
দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিলৰ সৈতে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হয় । ত্যাগ আৰু দেশপ্ৰেমৰ চানেকিৰে দীপ্তিমান অমৰ শ্বহীদসকললৈ পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ অমৃত মহোৎসৱ উদযাপনৰ সময়ত আজিৰ এই গণৰাজ্য দিৱসৰ এক সুকীয়া তাৎপৰ্য আছে৷ আজিৰ দিনটোটেই আমাৰ দেশে নিজৰ সংবিধান গ্ৰহণ কৰিছিল ৷ এই পৱিত্ৰ দিনটোত অমৰ শ্বহীদ, দেশপ্ৰাণ মুক্তিযোদ্ধাসকলৰ অনন্য ত্যাগক স্মৰণ কৰাৰ লগতে দেশৰ সংবিধান প্ৰণেতাসকললৈকো গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে সমূহ অসমবাসীলৈ গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷”