Daily Time Axom

ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা স্বাস্থ্যমন্ত্ৰীৰ কেশৱ মহন্তৰ

0 15

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ৰাজ্যবাসীক সম্বোধন কৰি কয় যে, গৌৰৱোজ্জ্বল ৭৩সংখ্যক গণৰাজ্য দিৱসৰ পৱিত্ৰ ক্ষণত আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত হৈ থকা সমুহ আদৰ্শক আমি সকলোৱে উপলব্ধি কৰি এখন প্ৰগতিশীল আৰু শক্তিশালী সমাজ নিৰ্মাণৰ অংশীদাৰ হওঁ আহক ।লগতে
বিশ্বৰ বুকুত ভাৰতবৰ্ষ এখন সাৰ্বভৌম, সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশ হিচাপে প্ৰৌজ্জল কৰিবলৈ সকলোৱে আজিৰ এই পৱিত্ৰ দিনটোত পণ লওঁ আহক।

কেশৱ মহন্তই পুৱা ডিব্ৰুগড়ত তিৰংগ উত্তোলন কৰি জনসাধাৰণলৈ গণৰাজ্য দিবসৰ শুভ কামনা জনায় ৷

Leave A Reply

Your email address will not be published.