নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ক’ভিড-১৯ৰ বাবে পৰীক্ষা পজিটিভ চিনাক্ত হৈছে ৷ অসমৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে বৃহস্পতিবাৰে কোভিড-১৯ৰ পৰীক্ষা কৰিছিল।
নগাঁৱৰ লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে টুইটাৰযোগে জনাইছে যে তেওঁ ক’ৰনাত আক্ৰান্ত হৈছে ।
তেওঁ কয় যে তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিজকে পৃথককৈ ৰাখিছে। তেওঁৰ সংস্পৰ্শলৈ অহা সকলকো নিজৰ সুৰক্ষাৰ বাবে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছিল।
বৰদলৈয়ে টুইট কৰিছে, “মই কৰ’না পজিটিভ । যদিও মই ভালে আছোঁ, মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিজকে আইছ’লেচন কৰিছোঁ। মই এই কেইদিন মোৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত অহা সকলক নিজকে পৰীক্ষা কৰিবলৈ আৰু সচেতন হ’বলৈ অনুৰোধ জনাইছো।”
বিগত সময়ত তেওঁ কংগ্ৰেছৰ অসম বিধান সভাৰ সদস্য আছিল আৰু তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰত মন্ত্ৰীপদতো আছিল ।
তেওঁ অসমৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ পৰা একেৰাহে চাৰিটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল।