বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বৃহৎ ঘোষণা৷ অচিৰেই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আন এখন ব্যয় বহুল দলং৷

সাধাৰণতে এনেবোৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ এইবাৰ ব্যতিক্ৰম ৷ পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই সাংবাদিকৰ সমুখত
বৃহস্পতিবাৰে কৰিছে এক বিশেষ ঘোষণা ৷

পলাশবাৰী আৰু শুৱালকুছি সংযোগী নদীপথত হ’ব দলং নিৰ্মাণ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ইতিমধ্যে ৩ হাজাৰ ৪০ কোটি টকা আবন্টন দিছে আৰু অচিৰেই দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি বৃহৎ ঘোষণা কৰে পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই৷

আনহাতে দক্ষিণ কামৰূপ জিলা গঠনৰ দাবীৰে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতেই বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় যে পলাশবাৰী, ছয়গাঁও আৰু বকো সমষ্টি সামৰি গুৱাহাটী মহানগৰ এলেকা হোৱাৰ দিশে গতি কৰিছে ৷ সেইক্ষেত্ৰত দক্ষিণ কামৰূপ জিলা হোৱাতকৈ পলাশবাৰী, ছয়গাঁও আৰু বকো সমষ্টিবাসীয়ে কামৰূপ মহানগৰ জিলাত অন্তৰ্ভূক্ত হ’লেহে অধিক লাভৱান হ’ব বুলি মন্তব্য কৰে৷

ছয়গাঁও সমষ্টিৰ জাহিৰপুৰত অনুষ্ঠিত হোৱা অসম বিদ্যুৎ বিভাগৰ অভিলাষী আঁচনি দীন দয়াল উপাধ্যায় গ্ৰাম্যজ্যোতি যোজনাৰ ছ’লাৰ লাইট বিতৰণ অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি চৰাঞ্চলৰ দুই হাজাৰ হিতাধিকাৰীৰ মাজত ছ’লাৰ বিতৰণ কৰে৷ সেই সভাতেই তেওঁ উক্ত বক্তব্য আগবঢ়ায় ।

আজিৰ এই সভাত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, গৰৈমাৰী মণ্ডল বিজেপিৰ সভাপতি আক্ৰাম হুছেইন, বাতাহিদিয়া গাঁও পঞ্চায়তৰ সভাপতি আলতাপ আলী প্ৰমূখ্যে বিজেপি দলৰ ভালেকেইজন নেতা-কৰ্মী উপস্থিত থাকে৷

চাংসাৰীৰ পৰা পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments (0)
Add Comment