কাজিৰঙাত যোৱা দুটা দশকত কিমান বৃদ্ধি পালে পৰ্যটক
যোৱা দুটা দশকত বিশেষভাৱে বৃদ্ধি পাইছে কাজিৰঙাৰ পৰ্যটকৰ সংখ্যা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে উদ্যানখনৰ ৰাজহৰ এক বিশেষ তথ্যই ৰাজ্যৰ পৰ্যটন খণ্ডলৈ এক ইতিবাচক বাৰ্তা আনিছে। শেহতীয়াভাৱে যোৱা দুটা দশকৰ কাজিৰঙাৰ পৰ্যটকৰ সংখ্যাৰ তথ্য প্ৰকাশ পাইছে ।
দেশী আৰু বিদেশী দুয়ো বিধ পৰ্যটকৰ ক্ষেত্ৰতই কাজিৰঙাত যোৱা ২০ বছৰত ২২৯ .৯৫ % বৃদ্ধি হৈছে ৷ ২০০০-০১ চনত পৰ্যটকৰ সংখ্যা আছিল ৫২,৩৩৬ ৷ ২০২১-২২ চনত ১,৭২,৬৮২ লৈ বৃদ্ধি পায় কাজিৰঙাৰ পৰ্যটকৰ সংখ্যা ।
পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ ৰাজহো বৃদ্ধি কৰিছে । ২০২০-২১ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনে বাৰ্ষিক ৩০,৩৮,২৫৮ টকা ৰাজহ লাভ কৰে।
এই সংখ্যা ২০২১-২২ বৰ্ষত ৩,৯১,৫১,৭৪৭টকা লৈ বৃদ্ধি হৈছে যি যোৱা ২০ বছৰত ৰাষ্ট্ৰীয় উদ্যানখনে উপাৰ্জন কৰা মুঠ বাৰ্ষিক ৰাজহৰ ১১৮৮.৬২% বৃদ্ধি পাইছে ।
লক্ষণীয়ভাৱে, ৰাষ্ট্ৰীয় উদ্যানখনে ২০১৭-১৮ বৰ্ষত বিশ্বত মহামাৰীৰ আগতে সৰ্বকালৰ সৰ্বাধিক ৫,৬০,৬৬,৭৯৫ টকা ৰাজহ সংগ্ৰহ কৰিছিল।
মুঠতে, ৰাষ্ট্ৰীয় উদ্যানখনে যোৱা দুটা দশকত প্ৰায় ৪৯ ,৫৭,২৭,৭৯৫ টকা আনুষ্ঠানিক ৰাজহ সংগ্ৰহ কৰিছে।
ক’ভিড-১৯ মহামাৰীয়ে আন্তৰ্জাতিক ভ্ৰমণ প্ৰতিবন্ধকতা অনাৰ আগলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত বিদেশী পৰ্যটকৰ সংখ্যা ২০২০ চনলৈকে যোৱা দুটা দশকত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে।