Daily Time Axom

গুৱাহাটীত মাত্ৰ ৬খন, আন জিলাত ১২ খন যান-বাহন থাকিব মুখ্যমন্ত্ৰীৰ কনভয়ত ৷ কেবিনেটে ল’লে কি কি সিধান্ত ৷

0 32

মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কেবিনেটে বৃহস্পতিবাৰে ল’লে গুৰুত্বপূৰ্ণ এলানি সিধান্ত ।

এতিয়াৰে পৰা কোনো মন্ত্ৰীয়ে সভাই-সমিতিয়ে মন গ’লেই কৰিব নোৱাৰিব বিত্তীয় অনুদান বা আঁচনিৰ ঘোষণা ৷ বিত্ত বিভাগৰ আগতীয়া অনুমোদন অবিহনে কোনো আঁচনি বা অনুদান আদি ঘোষণা কৰিব নোৱাৰিব ৷

যান-বাহনৰ সংখ্যা সীমিত হ’ব মুখ্যমন্ত্ৰীৰ কনভয়ৰ ৷
মুখ্যমন্ত্ৰীৰ যাতায়তৰ বাবে ক’তো দুই মিনিটতকৈ অধিক সময় আন যান-বাহনৰ যাতায়ত বন্ধ কৰিব নোৱাৰিব৷

১০ মাৰ্চৰ পূৰ্বে পৌৰ নিকায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক কেবিনেটে জনাইছে অনুৰোধ ৷

Leave A Reply

Your email address will not be published.