জামুগুৰিহাটৰ নিকটবৰ্ত্তী অসম অৰুণাচল সীমান্তৰ শিজুছা বনভোজস্থলী বৰ্তমান ক’ভিড-১৯ ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰিছে প্ৰশাসনে । কোনো বনভোজ দলক প্ৰবেশ কৰিবলৈ দিয়া নাই বনভোজস্হলীত৷ ইটাখোলা আৰক্ষী বিষয়া মহাদেৱ নাথৰ নেতৃত্বত শিজুছা বনভোজস্থলীত যিসকল লোকে কভিড বিধি উলংঘা কৰিছে তেওঁলোকৰ ওপৰত কঠোৰ হোৱাৰ লগতে কিছুলোকক বুজাই-বঢ়াই ঘুৰাই পঠোৱাও দেখা গ’ল । এতিয়া শিজুছাত প্ৰতিদিনেই আৰক্ষী প্ৰশাসন কঠোৰ হৈ ক’ভিডৰ নীতি-নিয়ম উলংঘা কৰাসকলৰ প্ৰতি চোকা দৃষ্টি ৰখা পৰিলক্ষিত হৈছে ।
(জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট)