Daily Time Axom

অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ অধিকাংশই ভুৱা বুলি দাবী মানৱাধিকাৰ কৰ্মীৰ

0 11

অসম মানৱ অধিকাৰ আয়োগে নগাঁও জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল ভূঞাৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোক উদ্দেশ্য প্ৰণোদিতভাৱে কৰা বুলি উল্লেখ কৰিছে । অসম মানৱ অধিকাৰ আয়োগে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাক জাননী জাৰি কৰি সুধিছে যে ৰাজ্য চৰকাৰে ছাত্ৰ নেতাজনক কিয় ক্ষতিপূৰণ দিয়া নাই ?

সূত্ৰ অনুসৰি, এএইচআৰচিয়ে ২৪ জানুৱাৰীত এক স্বতঃপ্ৰণোদিত নিৰ্দেশ জাৰি কৰিছিল, য’ত কোৱা হৈছিল যে মানৱ অধিকাৰ উলংঘনৰ এয়া এক প্ৰাথমিক ঘটনা ।

এএইচআৰচিৰ সদস্য নৱ কমল বৰাই কয় যে কীৰ্তি কমল বৰাক অন্তৱৰ্তীকালীন সকাহ হিচাপে কিয় ১.৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধৰ দিয়াটো কিয় উচিত নহয় সেই বিষয়ে ব্যাখ্যা কৰিবলৈ অসমৰ মুখ্য সচিবক জাননী জাৰি কৰাটো প্ৰয়োজনীয় বিষয়।

আয়োগে মুখ্য সচিবৰ উত্তৰ তথা বিষয়টোৰ শুনানিৰ পৰৱৰ্তী ২৮ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিছে।
আৰক্ষীয়ে দাবী কৰিছে যে, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকজন ড্ৰাগছ বিক্ৰীৰ স’তে জড়িত হৈ আছিল আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ পিছতহে আৰক্ষীয়ে ভৰিত গুলী মাৰিছিল। আনহাতে সদৌ অসম ছাত্ৰ সন্থাই অভিযোগ নাকচ কৰি কৈছে যে, এজন যুৱকক সুৰাপায়ী আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিবাদ কৰিছিল বাবেই ছাত্ৰ নেতাজনক গুলীচালনা কৰিছিল আৰক্ষীয়ে ।

আনহাতে, ঘটনাটোৰ প্ৰতি ৰাজহুৱা সঁহাৰিৰ হেঁচাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৩ জানুৱাৰীত ঘোষণা কৰিছিল যে অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া আয়োগে এই আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোৰ তদন্ত কৰিব।

অসম আৰক্ষীয়ে নগাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত আৰক্ষীসকলক পিছদিনা আৰক্ষী ৰিজাৰ্ভলৈ প্ৰেৰণ কৰিছিল। ইফালে, ঘটনাটোক লৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এতিয়াও ৰাইজৰ ৰোষত আছে ।

বিৰোধী ৰাজনৈতিক দলবোৰেও চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই আছে। তদুপৰি এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে যদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ভুৱা সংঘৰ্ষত আৰু বহুতো নিৰীহ লোক নিহত হ’ব। তেওঁ আৰু কয়, ৰাজ্যৰ গৃহ বিভাগৰ অধীনত আৰক্ষীয়ে সংঘটিত কৰা এনকাউণ্টাৰবোৰৰ অধিকাংশই ভুৱা।

Leave A Reply

Your email address will not be published.