Daily Time Axom

ওমিক্ৰনতকৈয়ো অধিক সংক্ৰামক হ’ব কৰ’নাৰ পৰৱৰ্তী প্ৰজাতি

0 14

ওমিক্ৰনতকৈয়ো অধিক সংক্ৰামক আৰু উদ্বেগজনক হ’ব পাৰে ক’ভিডৰ পৰৱৰ্তী প্ৰজাতি ৷ এই তথ্য সদৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড-১৯ বিষয়ৰ কাৰিকৰী বিশেষজ্ঞ মাৰিয়া ভ্যান কেৰখোভে। কিন্তু এই প্ৰজাতিটিয়ে অসুস্থতাৰ মাত্ৰা বৃদ্ধি কৰিবনে নাই সেয়া অৱশ্যে অস্পষ্ট WHOৰ বক্তব্যত ৷ অৰ্থাৎ WHOৰ মতে ক’ভিডৰ পৰৱৰ্তী প্ৰজাতিটিয়ে ওমিক্ৰনতকৈ অধিক দ্ৰুতভাৱে সংক্ৰমিত কৰিব ৷ কিন্তু মাৰাত্মক বা কিমান ক্ষতিকৰ হ’ব সেয়া কোৱাৰ পৰা আতৰি থাকিল WHO ৰ বিশেষজ্ঞজন ৷

WHOৰ বিষয়াজনে লগতে জনায় যে, কৰ’না ভাইৰাছে ভৱিষ্যতে সঘনাই জিন সলনি কৰি থাকিব ৷ সেইবোৰ অৱশ্যে কম বিপদজনক হ’ব বুলি ধাৰণা কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.