ক’ভিডৰ বাবে পিছুৱালে বড়ো সাহিত্য সভাৰ অধিৱেশন
ক’ভিড পৰিস্থিতিৰ বাবে পিছুওৱা হ’ল বড়ো সাহিত্য সভাৰ অধিৱেশন ৷ ফেব্ৰুৱাৰী মাহৰ পৰিৰ্বতে মাৰ্চ মাহত অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ অধিৱেশন ৷ অহা ১১,১২ আৰু ১৩ ফেব্ৰুৱাৰীত পূৰ্বতে নিৰ্ধাৰণ কৰা হৈছিল ’বড়ো থুনলাই আফাড’ অৰ্থাৎ বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন ৷ এইবাৰ তামুলপুৰত হ’বলগীয়া আছিল বড়ো সাহিত্য সভাৰ অধিৱেশন ৷ কিন্তু ইয়াৰ পৰিৰ্বতে ৯,১০ আৰু ১১ মাৰ্চতহে অনুষ্ঠিত কৰা হ’ব অধিৱেশনখনি ৷ পিছুওৱা দিন অনুসৰি ৬১ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বড়ো সাহিত্য সভাৰ নেতৃবৃন্দ ৷