জামুগুৰিহাটত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি ৷ ইউকো বেংকৰ জামুগুৰিহাট শাখাৰ সকলো কৰ্মচাৰী ক’ভিডত আক্ৰান্ত ৷

শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ । উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৃহত্তৰ জামুগুৰিহাট অঞ্চলত এতিয়ালৈকে কৰ’ণাৰ তৃতীয়টো ঢৌত ১৫৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ কৰ’ণাত মৃত্যু হৈছে। জামুগুৰিৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত অৱস্থিত ইউ’কো বেংকৰ জামুগুৰিহাট শাখাৰ সকলো বিষয়া কৰ্মচাৰী ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হোৱাত প্ৰশাসনে এসপ্তাহৰ বাবে বন্ধ কৰি দিছে বেংকৰ সকলো কাম-কাজ।

যোৱা চাৰিদিন ধৰি ইউ’কো বেংকৰ জামুগুৰিহাট শাখা বন্ধ হৈ থকাৰ ফলত একপ্ৰকাৰ সমস্যাত পৰিছে বেংকৰ গ্ৰাহকসকলৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়ী সকলো।

(জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট)

Comments (0)
Add Comment