বিয়াৰ ৬ মাহৰ পিছতে সন্তানৰ মৃত্যু, বিধৱা বোৱাৰীক পঢ়োৱাই স্বাৱলম্বী কৰি বিয়া দিলে পুনৰ, দেশজুৰি চৰ্চা শাহুৱেকৰ এই জীয়া কাহিনীটো
তেওঁ আইনীভাৱে এগৰাকী মাতৃ, কিন্তু স্নেহৰ আৰু কৰ্তব্য পালনেৰে জন্ম দিয়া মাতৃকো চেৰ পেলালে ।
তেওঁৰ পুত্ৰৰ বিবাহৰ ছয় মাহ পিছত মৃত্যু হৈছিল। পুত্ৰৰ মাক হিচাপে এই পৰিস্থিতিত তেওঁ ভাগি পৰিব পাৰে বা বিধৱা বোৱাৰীগৰাকীৰ ওপৰত খং দেখুৱাই তেওঁৰ দুখ প্ৰকাশ কৰিব পাৰিলহেতেন। যি সাধাৰণতে বহু শাহুৱেকে বোৱাৰীক কৰে , কিন্তু তেওঁ নকৰিলে।
এজনী ছোৱালীৰ বিবাহৰ ছয় মাহৰ ভিতৰত স্বামীৰ মৃত্যু হয়, ভাৰতীয় সমাজত নতুনকৈ বিধৱা হোৱা সকলৰ কপালত বহুতো ‘দুখ’ লিখা থাকে। কিন্তু এই ক্ষেত্ৰত তেনে নহয়।
২০১৬ চনৰ মে মাহত, সুনীতাই ৰাজস্থানৰ শিকাৰ কমলাদেৱীৰ কনিষ্ঠ পুত্ৰ শুভমৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। বিবাহৰ পিছত, তেওঁৰ স্বামী এম.বি.বি.এছ. পঢ়িবলৈ কিৰগিজস্তানলৈ গৈছিল। সেই বছৰৰে নৱেম্বৰত শুভমৰ ব্ৰেইনষ্ট্ৰোকৰ ফলত মৃত্যু হয়।
সুনীতা তেতিয়া ৰাজস্থানতে আছিল, তাইৰ শহুৰেকৰ ঘৰত। তাইৰ সংগী আৰু অভিভাৱক হৈছে তাইৰ শাহু কমলা দেৱী।পিছত, কমলাই বিধৱা বোৱাৰীয়েকক নিজৰ লগতে ৰখাৰ দায়িত্ব ল’লে।
কমলা, এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক। তেওঁ বোৱাৰীৰ ভাল আৰু বেয়াৰ প্ৰতি সেয়ে বহু মনোযোগ দিয়াৰ লগতে সুনীতাক তাইৰ পঢ়া শুনা সম্পূৰ্ণ কৰিবলৈ কয়।
শাহুৱেকৰ উৎসাহেৰে উৎসাহিত হৈ সুনীতাই স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছত, কমলাই তেওঁৰ বোৱাৰীকো বি.এড. অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে ৷ ফলত স্বামীক হেৰুওৱাৰ চাৰি বছৰৰ ভিতৰতে সুনীতাই শিক্ষকৰ চাকৰিও পাইছিল। তেওঁ এতিয়া ৰাজস্থানৰ এখন বিদ্যালয়ৰ ইতিহাসৰ শিক্ষয়িত্ৰী ৷
চুবুৰীয়াই কয় যে, “সুনীতাক শাহুৱেকে প্ৰথম দিনাৰ পৰাই ঘৰৰ লক্ষ্মী বুলি মাতিছিল।” তেওঁ তেওঁৰ বোৱাৰীক তেওঁৰ পুত্ৰতকৈ বেছি মৰম কৰিছিল। কিন্তু এইটো কোৱা কথা আৰু কাম কৰাৰ মাজত একে ই নহয়। সহজো নহয়। কমলাই সেই কঠোৰ পৰিশ্ৰম কৰিছে।
কমলাই পাঁচ বছৰ ধৰি ‘গৃহলক্ষ্মী’ সুনীতাৰ যত্ন লৈছে। তেওঁ সেই যত্ন লৈছিল নিজৰ আত্মাৰ দৰে।
আৰু এদিন, সুনীতাক পৰম্পৰা অনুসৰি ঘৰৰ পৰা ‘বিদাই’ দিছিল। যি বিদায় নিজ পিতৃ-মাতৃয়ে ছোৱালীক ডাঙৰ-দীঘল কৰাৰ পিছত দিয়ে।
কমলাই অলপতে বোৱাৰী সুনীতাক পুনৰ বিবাহ পাশত আৱদ্ধ কৰাইছে এজন ভূপালৰ পাত্ৰৰ স’তে। পেছাত কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেলৰ এজন একাউণ্টেণ্ট। তেওঁৰ নাম মুকেশ।
কমলাই নিজেই আত্মনিৰ্ভৰশীল সুনীতাৰ বাবে পাত্ৰজন বাছনি কৰিছে। তেওঁ তেওঁৰ আত্মীয়সকলকো মাতিছিল আৰু বিয়া সুন্দৰ আনুষ্ঠানিকতাৰে পাতিছিল। সুনীতাৰ বিবাহ অনুষ্ঠান তাইৰ শহুৰেকৰ ঘৰত অনুষ্ঠিত হয়। কন্যাদান কৰিছে শাহুৱেক কমলাই।
ঘটনাটো দেখি কমলাৰ পৰিচিতসকল আচৰিত হৈছে। বহুতে শ্ৰদ্ধাৰে মূৰ দোঁৱাইছে । তেওঁলোকে কৈছে যে সকলো শাহুৱেকে বোৱাৰীক লক্ষ্মী হিচাপে ঘৰলৈ লৈ আহে। কিন্তু কিমানে এইটো খোৱাৰ দৰে দায়িত্ব লয়! কমলাই কেৱল তেওঁৰ লক্ষ্মীক ঘৰত বহিবলৈ বাধ্য কৰাই নহয়, লগতে আত্মনিৰ্ভৰশীল কৰি বিদায় দিলে।
ভাৰতীয় চলচ্চিত্ৰত, মেগা ছিৰিয়েলত, শাহুৱেক পাৰিবাৰিক নাটকত খলনায়ক হৈ পৰে। সেই ধাৰাটোৰ বিপৰীত দিশত খোজ কাঢ়ি, কমলা-সুনীতাৰ কাহিনীয়ে আজি দেশৰ বহু শাহু বোৱাৰীৰ অন্তৰত স্থান পাইছে ।
এই জীয়া কাহিনীটো এতিয়া চৰ্চিত হৈ পৰিছে ছচিয়েল মাধ্যমত।
