মহাৰাষ্ট্ৰত গান্ধীধাম-পুৰী এক্সপ্ৰেছত অগ্নিকাণ্ড

শনিবাৰে পুৱা প্ৰায় ১০.৩০ মিনিটত গান্ধীধাম-পুৰী এক্সপ্ৰেছত এক অগ্নিকাণ্ড সংঘটিত হয় ৷ মহাৰাষ্টৰ নন্দুৰবাৰ ষ্টেচনত ৰে’লখনৰ পেন্ট্ৰী কাৰত লাগে এই জুই।
মহাৰাষ্টৰ নন্দুৰবাৰ ষ্টেচনত ৰে’লখনত এই অগ্নিকাণ্ড সংঘটিত হয়।ফলত কেইবাটাও ডবাত জুইৰ লেলিহান শিখাই আবৰি ধৰে । লগে লগে জুই লগা ডবা কেইটা আন ডবাৰ পৰা পৃথক কৰা হয় ৷ কিদৰে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া স্পষ্ট হোৱা নাই যদিও পেন্ট্ৰী কাৰৰ পৰাই এই ঘটনা হোৱাটো নিশ্চিত হৈছে ।এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতৰ খবৰ অহা নাই।

Comments (0)
Add Comment