Daily Time Axom

অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত থকা একাংশ দোকানত চলিছে মদৰ অবৈধ বেহা

0 9

অসম চিকিৎসা মহাবিদালৈয়ৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত থকা একাংশ হোটেলত চাহ আৰু ভাত বিক্ৰী কৰাৰ নামত এতিয়া চলিছে সুৰাৰ দোকান ৷ উল্লেখ যোগ্য যে, অসম চিকিৎসা মহাবিদ্যালয়ৰ লৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্ত পৰা ভিন্ন ৰোগী আহে চিকিৎসাৰ বাবে । ঠিক তেনে ৰোগী বা ৰোগীৰ পৰিয়ালক এসাজ ভাত বা একাপ চাহ খোৱাৰ অজুহাত লৈ একাংশই চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখতে মদৰ দোকান খুলি ৰম-ৰমীয়া বেপাৰ চলাই আহিছে। দুখৰ বিষয় যে মদৰ দোকান বিলাকৰ পৰা বৰবাৰী আৰক্ষী চকীলৈ দূৰত্ব হ’ব প্ৰায় ২০০মিটাৰ ৷ ঠিক তেনে স্থলত সকলো সময়তে চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত মদ বেপাৰীযে মুকলিকৈ মদ বিক্ৰী কৰি চিকিৎসালয়ৰ পৰিৱেশ বিনষ্ট কৰা কাৰ্য আৰক্ষীযে দেখি নোপোৱাটো দুৰ্ভাগ্যজনক ৷ আনহাতে আবকাৰী নামৰ বিভাগটোৰ ভৃমিকাও সন্দেহজনক । ডিব্রুগড়ৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰধান প্ৰৱেশ দুৱাৰ সন্মুখতে আছে ভালেকেইখন মদৰ হোটেল য’ত চলে মদৰ আড্ডা ৷ উদাহৰণ স্বৰূপে ক’ব পাৰি New Land নামৰ এই হোটেলখনৰ কথা ৷ এইখনত এই সকল সুৰাপায়ীযে সুৰাপান কৰিছে দিন দুপৰতে । মালিকৰোঁ নাই ভয়,নাই শংকা,আৰক্ষী, আৱকাৰীলৈ।
নিচিন্ত মনে চিলাই গৈছে মদৰ বেপাৰ । নিমাত আৰক্ষী, নিমাত আবকাৰী, ক’ভিড বিধি উলংঘাৰে sop ধোঁৱা চাঙত।

(ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ সহযোগ ত ৰাস্না মনি গগৈ ৰিপোৰ্ট)

Leave A Reply

Your email address will not be published.