Daily Time Axom

অসম ৰাজ্যিক মহিলা আয়াগৰ বৈঠক

0 7

অসম ৰাজ্যিক মহিলা আয়াগৰ অধ্যক্ষা ড০ হেমপ্ৰভা বৰঠাকুৰৰ অধ্যক্ষতাত শুকুৰবাৰে নতুন বৰ্ডৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সদস্যা সচিব কাবেৰী শৰ্মাই নৱনিযুক্ত উপাধক্ষ্যা নীলিমা দেৱীৰ লগতে ৬গৰাকী সদস্যা ক্ৰমে ববিতা শৰ্মা, পৰমী দাস, লাকী গগৈ, বৰ্ণালী শইকীয়া, বিনীতা শইকীয়া দে আৰু মাননী বড়া উপস্থিত থাকে। বৈঠকত আগন্তুক দিনত তৃণমূল পৰ্যায়ৰ মহিলাসকলক সজাগ আৰু সচেতন কৰিব কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত সদস্যা সকলক কাম কৰিবৰ বাবে জিলা সমূহ ভগাই দিয়া হয়। তদুপৰি কাম কৰা সুবিধা অনুসৰি ৩-৪খন উপ-সমিতি গঠন কৰি দিয়া হয়। বৈঠকত আয়োগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.