Daily Time Axom

বিশ্বৰ ধনী ব্যক্তি এলেন মাস্কে উৎক্ষেপণ কৰিব ১৩০০০ কৃত্ৰিম উপগ্ৰহ ! প্ৰশিক্ষণ দিবলৈ সাজু চীন ৷ বিশ্ব জুৰি উদ্বেগ ৷

0 8

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলেন মাস্কক মহাকাশ বিজ্ঞানত সহযোগিতা আগবঢ়াবলৈ সাজু হৈছে ৰঙা চীন ৷ ইয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে চীনে ৷ এলেন মাস্কে চীনক ৪২ হাজাৰ ছেটেলাইট অৰ্থাৎ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণত সহায় কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল ৷ ইয়াৰ বিপৰীতে চীনে ১৩০০০ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ সন্মতি দি প্ৰস্তুতি চলাইছে চীনে ৷

এই ছেটেলাইটবোৰৰ সহায়ত চীন দেশে শক্তিশালী 5G ইন্টাৰনেট সেৱা আগবঢ়াব ৷ চীনৰ পদক্ষেপে গোটেই বিশ্বকে এতিয়া উদ্বেগৰ মাজত পেলাইছে ৷ চীনে পৃথিৱীৰ একেবাৰে ওচৰৰ কক্ষপথত এই কৃত্ৰিম উপগ্ৰহবোৰ স্থাপন কৰিব ৷ এই কৃত্ৰিম উপগ্ৰহবোৰৰ জড়িয়তে সমগ্ৰ বিশ্বতে চীনে চোৰাংচোৱাগিৰি কৰাত সুচল হৈ পৰিব ৷ যাৰ ফলত আন দেশবোৰৰ প্ৰতি ভাবুকি হৈ পৰিছে চীনৰ এই নতুন পৰিকল্পনা।

উল্লেখযোগ্য যে, স্পেচ এক্স কোম্পানীৰ সত্বাধিকাৰী এলেন মাস্কে মঙল গ্ৰহত এখন চহৰ স্থাপনৰ সপোন দেখিছে ৷ মাস্কৰ কোম্পানীয়ে এতিয়ালৈ মুঠ ২০৪২ টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰিছে ৷ ইয়াৰ অধিকাংশই সফল উৎক্ষেপণ কৰিছে ৷ সৰ্বমুঠ ৪২০০০ এনে উপগ্ৰহ প্ৰেৰণৰ পৰিকল্পনা কৰিছে এলেন মাস্কে ৷

Leave A Reply

Your email address will not be published.