Daily Time Axom

মঙ্গল গ্ৰহ ‘জীৱিত’ হৈ পৰিছে নেকি ? গ্ৰহটোলৈ আগবাঢ়ি গৈ আছে মানৱ সৃষ্ট ৰোভাৰ

0 29

মানুহৰ কৌতুহল আৰু অধ্যৱসায়ৰ বাবেই আজি মঙ্গল গ্ৰহলৈ আগবাঢ়ি আছে মানৱ সৃষ্ট ৰোভাৰ।

য’ত সৃষ্টিৰ আৰম্ভণিৰ পৰা কাৰো ভৰি পৰা নাই, কেৱল দুখন ৰোভাৰেহে এই যাত্ৰাৰ চিন এৰিছে তাত। কিন্তু কেৱল ৰোভাৰৰ দ্বাৰাই নহয় কিছুমান প্ৰভাৱ প্ৰাকৃতিকভাৱেও হৈছে । এনেকুৱা লাগিছে যেন মঙ্গল গ্ৰহ ‘জীৱিত’ হৈ পৰিছে। আৰু এইটো ভাৰতীয় বিজ্ঞানীৰ এটা গোটে আৱিষ্কাৰ কৰিছে। 

আহমেদাবাদৰ ভৌতিক গৱেষণাগাৰৰ বিজ্ঞানীসকলে হাজাৰ হাজাৰ ঠাই বিচাৰি পাইছে গ্ৰহটোত যিবোৰ শিল ভাঙি প্ৰাকৃতিকভাৱে সৃষ্টি হৈছে। কিন্তু এইবোৰ বিচাৰি উলিওৱাৰ অৰ্থ কি? ডাঙৰ শিলৰ পাহাৰ খহি পৰাৰ ফলত সৃষ্টি হোৱা কিছুমান চিহ্নৰ পৰা ৰঙা গ্ৰহটোত ভূমিকম্প হোৱাৰ খবৰো পোৱা যায়। যিদৰে মানুহে দিনে দিনে মঙ্গল গ্ৰহৰ বিষয়ে উৎসাহিত হৈ আহিছে, এই বাতৰিটো জনাও অতি গুৰুত্বপূৰ্ণ। মঙ্গলগ্ৰহৰ মাটিত উপনিবেশ নিৰ্মাণ কৰা হ’লেও এই তথ্যপ্ৰয়োজনীয়। 

অধ্যয়নটোৰ নেতৃত্ব দিয়া গ্ৰহ বিজ্ঞানৰ অধ্যাপক ড০ এছ বিজয়নে কয়, “মঙ্গল গ্ৰহ এতিয়া সক্ৰিয় হৈ আছে। অধ্যয়নটো ভূ-ভৌতিক গৱেষণা পত্ৰত প্ৰকাশ হৈছিল। এইটোৱে কয় যে বোল্ডাৰ ট্ৰেকবোৰ নিচিহ্ন হ’বলৈ দুইৰ পৰা চাৰিটা মঙ্গল গ্ৰহৰ বছৰ লাগে। অৰ্থাৎ পৃথিৱীত চাৰিৰ পৰা আঠ বছৰ। যেতিয়া এটা শিল ভাঙি যায়, প্ৰতিটো বাউন্সত ৰেগোলিথ (মঙ্গলগ্ৰহৰ পৃষ্ঠত থকা সামগ্ৰী) এক অনন্য আৰ্হিত পৰে। দীৰ্ঘদিন ধৰি এই আৰ্হিটো থাকিলে, মঙ্গল গ্ৰহৰ পৃষ্ঠত কি পৰিৱৰ্তন চলি আছে বুজি পোৱা সম্ভৱ হ’ব ৷

Leave A Reply

Your email address will not be published.