কাৰ্বি আংলঙত উচ্ছেদ অভিযান ৷ আৰক্ষী আৰু উচ্ছেদিতাৰ মাজত হতাহতি ৷

কাৰ্বি আংলঙৰ বালিজানত দেওবাৰে উচ্ছেদ অভিযান চলায় প্ৰশাসনে ৷ প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় উচ্ছেদস্থলীত ৷ আৰক্ষী আৰু উচ্ছেদিতাৰ মাজত হতাহতি পৰ্চনত সংঘটিত হয় । কাৰ্বি আংলঙৰ বোকাজানৰ বালিজানত স্থানীয় প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰোধিতাৰে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰে উচ্ছেদিত সকলে । দেওবাৰৰ তৃতীয় পৰ্যায়ৰ এই উচ্ছেদৰ বাবে বৃহৎ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ দল নিয়োগ কৰা হয় বালিজানত। উচ্ছেদ স্থানত থকা মুঠ ১৩৪ ঘৰৰ পৰিয়ালক উচ্ছেদ চলোৱাৰ লক্ষ্য প্ৰশাসনৰ ৷

Comments (0)
Add Comment