বিজেপিয়ে মিত্ৰ দলৰ সৈতে বুজাবুজি কৰিহে খেলিব পৌৰসভা নিৰ্বাচন – ৰাজ্যিক সভাপতি ভৱেশ কলিতা মন্তব্য

আগন্তুক পৌৰসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে এককভাৱে নিৰ্বাচন খেলাৰ পৰিৱৰ্তে মিত্ৰ দলৰ সৈতে বুজাবুজি কৰিহে নিৰ্বাচন খেলিব ৷ এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ শেহতীয়াভাৱে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এখন সাংগঠনিক সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে তেওঁ ৷ ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই কয় যে বঙাইগাঁও জিলা বুলিয়ে নহয় সমগ্ৰ অসমতে বিজেপি দলে মিত্ৰ দল বিশেষকৈ অসম গণ পৰিষদৰ লগত বুজাবুজি কৰি নিৰ্বাচন খেলিব৷

Comments (0)
Add Comment