Daily Time Axom

বিশ্বনাথত চোৰাংচিকাৰী গুলীবিদ্ধ

0 29

বিশ্বনাথত গুলীবিদ্ধ হ’ল চোৰাংচিকাৰী ৷ গঁড় হত্যাৰে জড়িত দুধৰ্ষ চোৰাংচিকাৰী বিশ্বনাথৰ বালিডোঙাৰ দিলোৱাৰ হুছেইন দেওবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত আহত হয় ৷

অলপতে জোনাইত গ্ৰেপ্তাৰ কৰা দিলোৱাৰে নিশা আৰক্ষীক চোৰাংচিকাৰীৰ ঘাটি দেখুৱাবলৈ নিওঁতে পলাবলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে নিৰুপায় হৈ তেওঁলৈ গুলীচালনা কৰাত ভৰিত গুলী লাগে দিলোৱাৰৰ । বৰ্তমান তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন দিলোৱাৰ ।

(জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট )

Leave A Reply

Your email address will not be published.