বৰপেটাত শ্বহীদ দিৱস উদযাপনঃ উপায়ুক্তৰ দ্বাৰা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ

সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাতো মহামানৱ মহাত্মা গান্ধীৰ স্মৃতি দিৱস উপলক্ষে আজি শ্বহীদ দিৱস পালন কৰা হয়। আজি পুৱা বৰপেটা পৌৰসভাৰ সন্মূখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত উপায়ুক্ত তেজ প্ৰসাদ ভূচালে মাল্যাৰ্পণ কৰে। অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও মহাত্মাৰ প্ৰতিমূৰ্ত্তিত পুস্পাজলী অৰ্পণ কৰে। ইয়াৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত গান্ধীজীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰি জিলা উপায়ুক্ত‌ই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাগ যন্ত্ৰৰ জৰিয়তে দিনৰ ১০.৫৯ বজাত চাইৰেণ বজাই জাননী দিয়া হয়। দিনৰ ১১ বজাৰ পৰা দুই মিনিটৰ বাবে সমগ্ৰ চহৰখনত মৌনতা অৱলম্বন কৰা হয়।

Comments (0)
Add Comment