মহিলাৰ পৰা নিজৰ শৰীৰটো পুৰুষলৈ সলনি কৰিছিল, এতিয়া তেওঁ পুনৰ এগৰাকী মহিলা হ’ব বিচাৰে
মিচিগানৰ ডেট্ৰয়েটৰ বাসিন্দা ঈশা ইছমাইলৰ জন্ম এগৰাকী মহিলা হিচাপে হৈছিল। কিন্তু পিছলৈ তেওঁ নিজৰ শৰীৰ আৰু নাৰীত্বক অপছন্দ কৰিবলৈ আৰম্ভ কৰে।
ঈশাৰ বয়স এতিয়া ২৬ বছৰ। অৱশ্যে, তেওঁ ১৯ বছৰ বয়সত নিজকে ট্ৰেন্সজেণ্ডাৰ বুলি ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই এজন পুৰুষ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
প্ৰথমে, ঈশাই অস্ত্ৰোপচাৰৰ দ্বাৰা তাইৰ শৰীৰৰ পৰা দুয়োটা স্তন আঁতৰাই দিছিল। তেওঁ কৈছিল যে তেওঁ নিজকে এজন সম্পূৰ্ণ মানুহ হিচাপে চাবলৈ ইমান আগ্ৰহী আছিল যে তেওঁ ইয়াক পলম কৰিব নিবিচাৰিছিল।
ইয়াৰ উপৰিও, হৰমনৰ চিকিৎসাও আৰম্ভ কৰা হৈছিল। তেওঁ নিয়মীয়াকৈ টেষ্টোষ্টেৰন হৰমন গ্ৰহণ কৰা আৰম্ভ কৰিছিল, যি পুৰুষৰ শৰীৰত আটাইতকৈ বেছি প্ৰভাৱ পেলায়।
১১ মাহৰ ভিতৰত, তেওঁৰ শৰীৰত এজন পুৰুষ হোৱাৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰিলে। ঈশাই কৈছিল যে তাই শাৰীৰিক পৰিৱৰ্তনৰ এই মুহূৰ্তবোৰ উপভোগ কৰিছিল ।
কিন্তু ২০১৫ চনৰ আগতে, ঈশা তেওঁৰ বয়সৰ আন পাঁচজনী ছোৱালীৰ দৰে এগৰাকী মেকআপ ভালপোৱা, সাজ-সজ্জা-প্ৰেমী যুৱতী আছিল। আনকি তাইৰ এজন প্ৰেমিকো আছিল।
তাৰ পিছত, ইচ্ছা কৰাৰ দৰেই নাৰীৰ পৰা পুৰুষ হ’ল তাই ৷ কিন্তু এই সুখে আমুৱালে ঈশাক ৷ তেওঁ এজন পুৰুষ হ’বলৈ পাই সুখী হ’ব নোৱাৰিলে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত, তাই হঠাতে অনুভৱ কৰিলে যে তাই আৰু পুৰুষ জীৱন বিচৰা নাই। এই আকাংক্ষা ইমান তীব্ৰ হ’বলৈ আৰম্ভ কৰে যে ইয়াৰ পৰা হতাশাৰ জন্ম হয়।
এই হতাশাৰ পৰাই শৰীৰটো পুনৰ সলনি কৰাৰ সিদ্ধান্ত লোৱা হয়। ঈশাই টেষ্টোষ্টেৰন হৰমন গ্ৰহণ কৰা বন্ধ কৰিছিল। তেওঁ তেওঁৰ পুৰণি শৰীৰলৈ ঘূৰি যাবলৈ সিদ্ধান্ত লৈছিল ৷ যিহেতু তেওঁ জন্মগতভাৱে এগৰাকী মহিলাৰ আছিল। এতিয়া নাৰীৰ পৰা পুৰুষ হোৱা প্ৰক্ৰিযা চলি আছে ঈশাৰ ৷ সঁচাকৈয়ে আচৰিত পৃথিৱীৰ আচৰিত মানৱ মন এয়া ৷

