১২১ টা মাছ ধৰি কোটিপতি হ’ল মাছমৰীয়া

ভাৰতৰ পশ্চিম বংগত সাগৰ তীৰৰ দীঘাৰ ঘটনা। মাছমৰীয়াসকলৰ জালত বিশাল আকাৰৰ ১২১ টা ভ’ল মাছ ধৰা পৰিছে। যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি টকা। শনিবাৰে দীঘা মোহনাৰ মাছৰ বজাৰত দৈত্য ভ’ল মাছখিনি নিলামৰ বাবে লৈ যোৱা হৈছিল।

মা বিশ্বেশ্বৰী নামৰ মাছ ধকা ট্ৰ’লাখনৰ মাছমৰীয়াসকলে মাছটো ধৰিছিল। দীঘা মোহনাৰ মাছবজাৰৰ লোকসকলে কয় যে ভ’ল মাছৰ মূল্য নিলামত কোটি কোটি টকাত বিক্ৰী কৰা হয়।

মাছমৰীয়াসকলে কয় যে ভ’ল মাছৰ দেহৰ অংশ গুৰুত্বপূৰ্ণ ঔষধ তৈয়াৰ কৰাৰ বাবে অতি উপযোগী। মাছৰ ওজন যিমানে বেছি হয়, দাম সিমানে বেছি হয়। সেইকাৰণে মাছ মৰা মাছমৰীয়াসকলৰ বাবে সদায়ে ই আৰ্থিকভাৱে লোভনীয় ।

এই ঋতুত, দীঘাৰ মাছমৰীয়াসকলৰ ওচৰত ইলিছ মাছৰ আকাল , কিন্তু কেতিয়াবা ভ’লে মাছটোৱে তেওঁলোকৰ ভাগ্য ঘূৰাই দিয়ে। এই মাছবোৰ গভীৰ সাগৰত দলবদ্ধভাৱে বিচৰণ কৰে। কেতিয়াবাহে মাছমৰীয়াসকলে এনে ধৰণৰ মাছ দেখা পায়।

দীঘা মোহনাৰ মাছমৰীয়াসকলে কয় যে শনিবাৰে মা বিশ্বেশ্বৰী ট্ৰ’লাৰখন মাছৰ নিলাম কেন্দ্ৰত ১২১ টা ভ’ল মাছ লৈ উপস্থিত হৈছিল। মাছৰ প্ৰতিটোৰ ওজন প্ৰায় ১৭ ৰ পৰা ১৮ কিলোগ্ৰাম।

Comments (0)
Add Comment