Daily Time Axom

ৰহাৰ চাপৰমুখত ট্ৰেক্টৰত খুন্দিয়াই এজন স্কুটী আৰোহীৰ মৃত্যু

0 7

ৰহাৰ চাপৰমুখত শনিবাৰে গধুলি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৰৈ থকা ট্ৰেক্টৰত প্ৰচণ্ড খুন্দা এখন স্কুটীৰ। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় স্কুটী আৰোহীজনৰ। নিহত লোকজনক মৰিগাঁৱৰ শিমলুগুৰিৰ ভূপেন ৰাভা (৫৫) বুলি চিনাক্ত কৰা হৈছে।

ৰহা-কামপুৰ পথৰ তিতাইমাৰী দলঙৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা মত AS02 BC 9424 নম্বৰৰ ট্ৰেক্টৰখনৰ যান্ত্ৰিক বিজুতিৰ বাবে পথৰ কাষত ৰখাই থোৱা আছিল। গধুলি কামপুৰ ফালৰ পৰা ৰহা দিশে আহি থকা AS21 G 4673 নম্বৰৰ স্কুটীখনে ট্ৰেক্টৰখন প্ৰচণ্ড খুন্দা মাৰে। ফলত থিতাতে নিহত হয় ভূপেন ৰাভা নামৰ ৫৫ বছৰীয়া স্কুটী আৰোহীজন। পিচত দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.