অইলৰ পৰা সাহাৰ্য অনাৰ নামত ৰোগাক্ৰান্ত যুৱতীক প্ৰৱঞ্চনা ৷ শিৱসাগৰত ১ জন প্ৰৱঞ্চক গ্ৰেপ্তাৰ ৷
উজনি অসমৰ বিভিন্নজনৰ পৰা প্ৰলোভনেৰে লাখ লাখ টকা সৰকাই অহা এটা প্ৰৱঞ্চকক দেওবাৰে শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । শিৱসাগৰৰ জাঁজী ফুলপানী ছিগাৰ ৰোগাক্ৰান্ত এগৰাকী যুৱতীৰ পৰা ৩ লাখ ২৫ হাজাৰ টকা প্ৰৱঞ্চনাৰে সৰকাই লোৱাৰ পিছতে মৰাণৰ পৰা শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক দেৱজিৎ শৰ্মা ওৰফে ৰাজীৱ শৰ্মাক । অইল ইণ্ডিয়াৰ চি আৰ চি ফাণ্ডৰ পৰা ৮০ লাখ টকা উলিয়াই দিব বুলি আশ্বাস দি ৰোগাক্ৰান্ত ঋতুপৰ্ণা দত্তৰ পৰা লৈছিল নগদ ৩ লাখ ২৫ হাজাৰ টকা । চি আৰ চি ফাণ্ডৰ বাবে বিশেষ পঞ্জীয়ন কৰিব লাগিব বুলি কৈ দেৱজিৎ শৰ্মাই লৈছিল ধনখিনি । কিন্তু পিছত ৰোগাক্ৰান্ত যুৱতী গৰাকীক এক্সিচ বেংকৰ ৮০ লাখ টকাৰ ভুৱা চেক প্ৰদান কৰাৰ পিছতে পোহৰলৈ আহে প্ৰৱঞ্চনাৰ তথ্য । উপায়হীন হৈ ৰোগাক্ৰান্ত যুৱতী গৰাকীৰ পৰিয়াল আৰু বীৰ লাচিত সেনাই শিৱসাগৰ সদৰ থানাত দিয়া ৫৬/২০২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪২০/৪৬৮ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক দেৱজিৎ শৰ্মা ওৰফে ৰাজীৱ শৰ্মাক । লক্ষ্যণীয় যে ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে উজনিৰ কেইবাখনো আৰক্ষী থানাত পূৰ্বৰে পৰা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈ থকা বুলি সদৰি কৰিছে আৰক্ষীয়ে । মাত্ৰ ৪ মাহ আগেয়ে জেলৰ পৰা মুকলি হৈ আহিছিল অভিযুক্ত ৰাজীৱ শৰ্মা ।
(শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট)