Daily Time Axom

বিখ্যাত নিউয়ৰ্ক ফেশ্বন শ্ব’, ২০২২লৈ নিৰ্বাচিত অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত

0 9


ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি আৰু প্ৰতিষ্ঠা লাভ কৰা অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই পুনৰ সুনাম কঢ়িয়াই আনিছে অসমলৈ ৷ এই বছৰৰ নিউয়ৰ্ক ফেশ্বন শ্ব’, ২০২২লৈ নিৰ্বাচিত হৈছে সংযুক্তা দত্ত ৷ অহা ১১ৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ হ’বলগীয়া বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’টিলৈ সংযুক্তা দত্তই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ অসমৰ পৰম্পৰাগত সাজ-পোচাকক নিজস্ব শৈলীৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে সংযুক্তা ৷

অসমৰ পাট-মুগাৰ কাপোৰৰ ডিজাইনৰে ইতিমধ্যে ফেশ্বনৰ জগতত সোণালী পথ অতিক্ৰম কৰিছে ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ৷ ইতিমধ্যে বলীউডৰ বহুকেইগৰাকী তাৰকা অভিনেত্ৰীয়ে সংযুক্তা দত্ত ডিজাইন কৰা কাপোৰ পৰিধান কৰি ৰেম্পত খোজ দিছে ৷ কৰিস্মা কাপুৰ, বিপাশা বসু, প্ৰীতি জিণ্টা, জাৰিন খান, প্ৰিয়ংকা চোপ্ৰাৰ পৰা আৰম্ভ কৰি মালাইকা অৰোৰালৈ সংযুক্তাৰ ডিজাইনৰ বস্ত্ৰ পৰিধান কৰা বলিউডী মডেলৰ এখন দীঘলীয়া তালিকা ৷

প্ৰাৰম্ভিক অৱস্থাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই তিনিখন তাঁতশালৰ সৈতে আৰম্ভ কৰিছিল ব্যৱসায় ৷ সম্প্ৰতি ১০০ৰো অধিক তাঁতশাল বৃদ্ধি কৰি তেওঁ বস্ত্ৰৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰ নিউয়ৰ্ক ফেশ্বন শ্ব’ ২০২২লৈ নিৰ্বাচিত হৈ বৃহৎ সফলতা লাভ কৰিব বুলি আশা কৰিব পাৰি ৷ সংযুক্তা দত্তলৈ ’ডেইলী টাইম অসম’ৰ তৰফৰ পৰা জনালো শুভ কামনা।

Leave A Reply

Your email address will not be published.