বিজনী জিলা অনুসুচিত জাতি পৰিষদৰ ৭ তম ত্ৰি-বাৰ্ষিক অধিবেশন
চিৰাঙৰ বিজনীৰ ড০ বি আৰ আম্বেদকাৰ সামূহিক ভৱনত দেওবাৰে বিজনী জিলা অনুসূচীত জাতি পৰিষদৰ ৭ম ত্ৰি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। তদুপলক্ষে পৰিষদৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কৰাৰ লগতে এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় । অনুসূচীত জাতি পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ দাসে উদ্বোধন কৰা এই সভাত অনুসূচীত জাতি পৰিষদৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ দাস , বিজনী মহকুমা অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ সভাপতি হিতেশ্বৰ সৰকাৰ, বিজনী ৰাজহ চক্ৰ বিষয়া মাৰিয়া তানিম আৰু ইলা বণিয়া সহ বিজনী জিলা অনুসূচীত জাতি পৰিষদৰ অন্তৰ্গত ২৩ খনকৈ আঞ্চলিক কমিটিৰ পৰা ৭ জনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
ইফালে এই সভাতে বিজনীৰ ৬০৭ নং দৈলংঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল চন্দ্ৰ ৰায়ক অনুসুচিত জাতি পৰিষদৰ পৰা কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়।
দেওবাৰে বিজনী জিলা অনুসুচিত জাতি পৰিষদৰ অধিবেশনৰ যোগে প্ৰতিনিধি সভাত পূৰণা সমিতি ভংগ কৰে আৰু নতুন সমিতি গঠন । নৱ গঠিত সমিতিৰ সভাপতি নৃপেন্দ্ৰ মণ্ডল , উপ-সভাপতি ক্ৰমে মুকুল চন্দ্ৰ ৰায় ,যতীন্দ্ৰ নাথ সৰকাৰ , সাধাৰণ সম্পাদক বিনোদ কুমাৰ ৰায় ,
সহ সম্পাদক ক্ৰমে যতীন্দ্ৰ প্ৰসাদ সৰকাৰ ,প্ৰশান্ত বিশ্বাস
কোষাধ্যক্ষ ববিতা নমদাস , সাংগঠনিক সম্পাদক মণ্ডলকলৈ সৰ্বমুঠ ২১ জনীয়া সদস্যৰে বিজনী জিলা অনুসুচিত জাতি পৰিষদৰ বিজনী জিলা সমিতি গঠন কৰে ।