ভেকচিনৰ বিৰুদ্ধে কানাডাত বৃহৎ প্ৰতিবাদ ৷ ৰাজধানীৰ পৰা প্ৰধানমন্ত্ৰীৰ পৰিয়ালে পলায়ন ৷
কানাডাত কৰ’না ভেকচিনৰ বিৰুদ্ধে প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে ৷ যাৰ পৰিণতিত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে পৰিয়ালৰ সৈতে গোপন স্থানত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷ সীমান্তৰে চুবুৰীয়া দেশলৈ যাতায়ত কৰা ট্ৰাকচালক সকলে ব্যক্তি স্বাধীনতাৰ দাবীৰে কানাডা চৰকাৰৰ ক’ভিড বিধিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ মূলতঃ ক’ভিড ভেকচিনৰ কঠোৰ নীতিৰ বিৰুদ্ধে আৰম্ভ কৰা এই প্ৰতিবাদে বৃহৎ ৰূপ ধাৰণ কৰিছে ৷ নামকৰণ কৰা হৈছে ’Freedom Convoy’ বুলি ৷
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুৱে পৰিয়ালৰ সৈতে এই প্ৰতিবাদে বৃহৎ ৰূপ ধাৰণ কৰাত ৰাজধানী চহৰ এৰি গোপন স্থানলৈ আতৰি গৈছে ৷ ক’ভিড ভেকচিন বাধ্যতিমূলক কৰাৰ পিছতে প্ৰতিবাদ এই বৃহৎ ৰূপ পৰিগ্ৰহ কৰে ৷
হাজাৰ হাজাৰ ট্ৰাকচালক আৰু আন প্ৰতিবাদকাৰী সকলে শনিবাৰৰপৰা ক’ভিড ভেকচিনৰ বাধ্যতামূলক নীতি বাতিল কৰাৰ লগতে আন কিছু কঠোৰ কভিড নীতিৰ বাতিলৰ দাবীত কানাডাৰ ৰাজধানীৰ মূল ঠাইসমূহত অৱস্থান গ্ৰহণ কৰিছে ৷ কানাডিয়ান প্ৰধানমন্ত্ৰী, জাষ্টিন ট্ৰুডু, সেনা প্ৰধান আৰু দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী অনীতা আনন্দৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে ক্ষোভ প্ৰকাশ কৰিছে ৷ লগতে অট’ৱাৰ প্ৰসিদ্ধ যুদ্ধ স্মাৰক স্থলীত প্ৰতিবাদী সকলৰ নৃত্যৰে প্ৰতিবাদ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দেখা গৈছে ৷
