মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত কোঁচ-ৰাজবংশী সাহিত্য সভাৰ স্মাৰক পত্ৰ প্ৰদান
ৰাজনৈতিক, শৈক্ষিক, আৰ্থ-সামাজিক আদি সকলো দিশতে পিছ পৰি থকা অসমৰ অন্যতম ভূমিপুত্ৰ কোঁচ-ৰাজবংশী জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যা সমুহ সমাধানৰ দাবীত শনিবাৰে কোঁচ-ৰাজবংশী সাহিত্য সভাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ কোঁচ-ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মণে দেওবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে সাংবাদিকক এই বিষয়ে জানিবলৈ দিয়ে । কোঁচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকত আৰু সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ নেতৃত্বত এটা সঁজাতি দলে শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি কেইটামান গুৰুত্বপূৰ্ণ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
উক্ত স্মাৰক পত্ৰখনত কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষা নীতি- ২০২০ অনুসৰি ২০২১-২২ শিক্ষা বৰ্ষত অসমৰ ৰাজবংশী অধ্যুসিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় বোৰত নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৰাজবংশী ভাষা মাধ্যমত পাঠদান কৰাৰ বাবে দাবী জনায় । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত ৰাজবংশী ভাষাক চৰকাৰী সহযোগী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বাৰ্ষিক বাজেটত ৰাজবংশী ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে যুটীয়া পুঁজি ধাৰ্য্য কৰাৰ বাবে স্মাৰক পত্ৰ যোগে মুখ্যমন্ত্ৰী গৰাকীক দাবী জনায় ।
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদ খনৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰি কোঁচ-ৰাজবংশী সাহিত্য সভাৰ পৰা কমেও তিনি গৰাকী কাৰ্য্যবাহী সদস্য নিযুক্তি আৰু কোঁচ-ৰাজবংশী উন্নয়ন পৰিষদতো কোচ-ৰাজবংশী সাহিত্য সভাৰ পৰা সদস্য নিযুক্তি দিয়াৰ বাবে উক্ত স্মাৰক পত্ৰ যোগে মুখ্যমন্ত্ৰী গৰাকীক দাবী জনায় কোচ-ৰাজবংশী সাহিত্য সভাই । পশ্চিমবংগ চৰকাৰে দুশখন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপনৰ নিচিনাকৈ অসমতো দুশখন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি ৰাজবংশী ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ বাবে দাবী জনায় ।
উগ্ৰপন্থী সংগঠন কে এল অ’ ৰ লগত শান্তি আলোচনা কৰি সমস্যা সমাধানৰো দাবী জনায় । ইয়াৰ উপৰি অবিভক্ত গোৱালপাৰা জিলাৰ এম অ’ বি চি ষ্টেটাচৰ ৰাজবংশী লোক সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰি পিছ পৰি থকা কোঁচ-ৰাজবংশী সকলক উন্নয়নৰ দিশে আগবঢ়াই নিবলৈ স্মাৰক পত্ৰ যোগে দাবী জনায় কোঁচ-ৰাজবংশী সাহিত্য সভাই । ইয়াৰ উপৰি জনগোষ্ঠীটোৰ অন্যান্য জলন্ত সমস্যাসমুহ সমাধান কৰাৰ বাবে একেখন স্মাৰক পত্ৰযোগে দাবী জনায় কোঁচ-ৰাজবংশী সাহিত্য সভাই ।