Daily Time Axom

যোৰহাটত গণপ্ৰহাৰত মৃত্যু ঘটা অনিমেষৰ বাসগৃহত মুখ্যমন্ত্ৰী

0 5

শনিবাৰে দেৰগাঁৱৰ খকন্দগুৰি গাঁৱৰ আছু নেতা প্ৰয়াত অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ যোৱা ২৯ নৱেম্বৰত যোৰহাট চহৰত অনিমেষে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাবটিব লগা হৈছিল। আজি দেৰগাঁৱৰ বাসগৃহত উপস্থিত হৈ অনিমেষৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি তর্পণ কৰি শোকার্ত পিতৃ-মাতৃৰ সৈতে বাৰ্তালাপত মিলিত হয় আৰু সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে, আৰক্ষীয়ে ইতিমধ্যে অপৰাধত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ কৰিবলৈ পদক্ষেপ লোৱা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আর্থিক অনুদান হিচাপে শোকসন্তপ্ত পিতৃ-মাতৃলৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰে ড° হিমন্ত বিশ্ব শৰ্মাই ।

Leave A Reply

Your email address will not be published.