Daily Time Axom

সোণাপুৰত ড্ৰাগছ জব্দ ৷ মহিলাসহ ৭ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷

0 10

সোণাপুৰত ড্ৰাগছৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীৰ অভিযান। অসম-মেঘালয় সীমান্তৱৰ্তী ১৪ মাইলত এই অভিযান। অভিযানকালত এগৰাকী মহিলাসহ সাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। আৰক্ষীয়ে অভিযুক্ত কেইজনৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে ১০গ্ৰাম ব্ৰাউন চুগাৰ, ৪টা চিৰিঞ্জ,১০টা কন্টেইনাৰ,এটা মোবাইল ফোন, কিছু টেবলেট আৰু ড্ৰাগছ মেৰিওৱা কিছু পেপাৰ। অভিযুক্ত কেইজন হৈছে মানৱ দাস(তামূলীকুছি), বিকাশ চেত্ৰী(যোৰাবাট), দীপক কুমাৰ (যোৰাবাট), ছামছুল হ’ক(শিলচৰ), বিনোদ মেধি(নগাওঁ), নন্দু ৰাভা (নংপু), বিটু চেনদ্ৰম(বৰ্নিহাট) আৰু ৰক্ষা বিশ্ব (যোৰাবাট)। চক্ৰটোৱে অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.