মুক্তি পালে পৰিণীতা ফুকন মেধিৰ কন্ঠত গুৰুজনা বিৰচিত বৰগীত “বালক গোপাল”
দিছপুৰ প্ৰেছ ক্লাৱত পৰিণীতা ফুকন মেধিৰ কন্ঠত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত বৰগীতে দৃশ্য শ্ৰাব্য ৰূপত মুক্তি লাভ কৰিছে দেওবাৰে । বালক গোপাল নামৰ বৰগীতটিত কন্ঠ নিগৰোৱা কন্ঠশিল্পী পৰিণীতাই ৰাইজলৈ আগবঢ়াই দিয়া বৰগীতটিয়ে নতুন প্ৰজন্মৰ লগতে সত্ৰীয়া নৃত্যক এক মাত্ৰা প্ৰদান কৰিছে।
আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত সত্ৰীয়া নৃত্যশিল্পী অনিতা শৰ্মা, সত্ৰীয়া শিল্পী আৰু সংগীতজ্ঞ
কুষ মহন্তৰ
লগতে গায়ক তথা সংগীত শিক্ষক ৰূপাঞ্জলি মহন্ত।
আমন্ত্ৰিত অতিথি হিচাপে অনুস্থানত উপস্থিত থাকে সত্ৰীয়া নৃত্যশিল্পী দীপজ্যোতি আৰু দীপাংকৰ ,নৃত্যশিল্পী আৰু অভিনেত্ৰী বনলতা বৈশ্য , তদুপৰি শিল্পী শৰত ৰাগ, চন্দন গোস্বামী , শান্তনা কলিতা, পৰাগ মেধি, অভিজিত কলিতা আদি।