প্ৰকৃতিয়ে মানুহৰ শৰীৰক ইমান আচৰিত আৰু অনন্য কৰি তুলিছে যে আমাৰ প্ৰত্যেকৰে আনতকৈ বেলেগ হয় শৰীৰটো। এনে পৰিস্থিতিত, বহুতেই তেওঁলোকৰ শৰীৰৰ অদ্ভুত গঠনৰ বাবে অসন্তুষ্ট হয়, আনহাতে কিছুমান লোকে বাস্তৱক একেবাৰে সহজভাৱেই গ্ৰহণ কৰে। ইংলেণ্ডত এগৰাকী মহিলাৰ স্তনৰ আকাৰ ইমান ডাঙৰ যে বেছিভাগ সময়তে তেওঁ উশাহ-নিশাহৰ সমস্যাৰ সন্মুখীন হ’ব লগা হয় । এতিয়া মহিলাগৰাকীয়ে সিদ্ধান্ত লৈছে যে তেওঁৰ স্তন সৰু কৰিব অস্ত্ৰোপচাৰৰ জৰিয়তে।
ইংলেণ্ডৰ নৰ্থ হেম্পটনশ্বায়াৰৰ বাসিন্দা ২১ বছৰীয়া কাৰ্লি পেছাত এগৰাকী পৰিচাৰিকা আৰু বৰ্তমান বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ট্ৰেণ্ডিং কৰা মহিলা।
দৰাচলতে, কাৰ্লিৰ স্তনৰ আকাৰ ৩৬ জেজে যি তেওঁৰ বয়স, উচ্চতা আৰু ওজন অনুসৰি যথেষ্ট ডাঙৰ। কাৰ্লিয়ে নিজৰ স্তনৰ বাবে বৰ লাজ পায় আৰু বেছিভাগ সময়তে তেওঁ উশাহ-নিশাহৰ সমস্যাৰ সন্মুখীন হ’ব লগা হয়। কাৰ্লিয়ে কৈছে যে তেওঁৰ মূৰটো তল কৰি কিবা কৰাৰ লগে লগে, এনে অনুভৱ হয় যেন তেওঁ শ্বাসৰুদ্ধ হৈ পৰিব।
ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাইও অস্ত্ৰোপচাৰৰ বাবে তেওঁৰ অনুৰোধ নাকচ কৰিছিল কাৰণ তেওঁৰ শৰীৰৰ ভৰ সূচক কমেও ২৫ বিএমআই নহয়। কাৰ্লিয়ে কাম কৰা ৰেষ্টুৰেণ্ট আৰু বাৰবোৰত, তেওঁ প্ৰায়ে কৌতুকৰ কেন্দ্ৰ বিন্দু হৈ পৰে। মহিলাগৰাকীয়ে কৈছে যে তেওঁৰ স্তনৰ ওজন বৰ্তমান ৯ কিলোগ্ৰাম আৰু প্ৰায়ে তেওঁ অনুভৱ কৰে যে তেওঁ বুকুত যথেষ্ট ওজন বহন কৰি আছে। তেওঁৰ
পিঠিত সদায় বিষ থাকে, ব্ৰাটোৰ পৰা আঘাত হয় – একো বাকী নাথাকে। কাৰ্লিৰ মতে, সেই আঘাতবোৰৰ বাবে তেওঁৰ স্তনৰ তলত চিকেন পক্স হোৱা যেন লাগিছে। কিন্তু কাৰ্লিয়ে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা নাই। এতিয়া কাৰ্লীয়ে সিদ্ধান্ত লৈছে যে তাই ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে ধন সংগ্ৰহ কৰিব আৰু স্তন সৰু কৰিবলৈ অস্ত্ৰোপচাৰৰ আশ্ৰয় ল’ব।