দিশহাৰা পাকিস্তান৷ কেম্পত সোমাই ১০০জন পাক-সেনাক হত্যা ৷ বেলুচিস্তান আৰ্মীৰ দখলত দুটা মেলিটাৰী কেম্প ৷
পাকিস্তানৰ দুটাকৈ মিলিটাৰী কেম্পত আক্ৰমণ চলাই বৃহস্পতিবাৰে কমেও ১০০ জন সেনাক হত্যা কৰিছে বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে ৷ সমগ্ৰ বিশ্বতে এই ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে ৷ বেলুচিস্তান লিবাৰেচন আৰ্মী বেলুচিস্তানৰ এটা উগ্ৰপন্থী সংগঠন ৷
বৃহস্পতিবাৰে উগ্ৰপন্থী সংগঠনটোৱে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ এক বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে ৷ সংগঠনটোৰ দাবী যে, তেঁওলোকে বৃহস্পতিবাৰে পাকিস্তানৰ পাঞ্জুৰ আৰু নোস্কী নামৰ দুটা মেলিটাৰী কেম্পৰ বৃহৎ অংশ নিজৰ দখললৈ আনিছে ৷ সেই অনুসৰি মিলিটাৰী কেম্প দুটাৰ মূল অংশসমূহ আক্ৰমণত ধ্বংস হৈছে ৷ বেলুচ আৰ্মীৰ আক্ৰমণকাৰী দলটোত নতুনকৈ বহু সৈনিকে যোগদান কৰাৰ বাতৰি আহিছে ৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আকস্মিক আক্ৰমণত দিশহাৰা হৈ পৰে পাকিস্তান সেনা ৷ বেলুচ আৰ্মীৰ উগ্ৰপন্থীক প্ৰতিহত কৰাত ব্যৰ্থ হৈছে পাক সেনা ৷
বেলুচ উগ্ৰপন্থী সংগঠনটোৱে লগতে দাবী পৰিছে যে, পাকিস্তানে সংবাদ মাধ্যমৰ পৰা গোটেই ঘটনাটো আতৰাই ৰাখিছে ৷ লগতে, টেলি কমিউনিকেশ্বন নেটৱৰ্ক ব্যাহত কৰিছে দুয়োটা অঞ্চলত ৷ এতিয়াও বেলুচ সংগ্ৰঠনৰ দখলতে আছে দুয়োটা আৰ্মী কেম্প ৷
আনহাতে ঘটনা গাপ দিবলৈ চেষ্টা কৰি পাক সেনাই দাবী কৰিছে যে আক্ৰমণ দুটাত বিশেষ ক্ষতি হোৱা নাই পাকিস্তান সেনাৰ । বৰঞ্চ ৪ জন বেলুচ আৰ্মীৰ সদস্যহে পাক সেনাৰ হাতত নিহত হৈছে ৷
কালি বুধবাৰেও বেলুচ আৰ্মীৰ হাতত ১০ জন পাক সেনাৰ মৃত্যু ঘটিছিল ।