Daily Time Axom

নাজিৰাৰ সীমান্তৱৰ্তী গেলেকী কলগাঁৱত নিশা ভয়ংকৰ পথ দূূৰ্ঘটনা

0 8

নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী কলগাঁৱত বিগত নিশা দুখন বাহনৰ মুখামুখি সংঘৰ্ষ হয় । তীব্ৰবেগী বাহনে আচলতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এগৰাকী লোকৰ বাৰীত সোমায়গৈ । ইণ্ডিগ’ বাহন আৰু টাটা টিয়াগ’ বাহনৰ মুখামুখি সংঘৰ্ষ । ইণ্ডিগ’ বাহনখনৰ নম্বৰ হৈছে এ এছ ২৩ জি ৩৪৪১ আৰু টাটা টিয়াগ’ বাহনখনৰ নম্বৰ হ’ল এ এছ ০৪ ৱাই ০৭২৫। ইণ্ডিগ’ বাহনখন তিনিচুকীয়া আৰু টাটা টিয়াগ’ বাহনখন গেলেকী বৰটনী গাঁৱৰ বুলি জানিব পৰা গৈছে । টাটা টিয়াগ’ এ এছ ০৪ ৱাই ০৭২৫ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আনখন বাহনক খুণ্ডা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় । যাৰ ফলত দুয়োখন বাহনৰ আৰোহীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতয়াকৈ গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । টাটা টিয়াগ’ বাহনখনত আছিল উজ্জ্বল শৰ্মা আৰু ৰাকেশ ঘোষ । ইণ্ডিগ’ বাহন আৰোহীক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই । পৰৱৰ্তী সময়ত ঘটনাস্থলীত গেলেকী আৰক্ষী উপস্থিত হৈ গাড়ী দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । যদিও গেলেকী আৰক্ষীয়ে সীমান্তৱৰ্তী অঞ্চলটোত দীৰ্ঘদিনে তীব্ৰবেগী বাহনৰ অতপালি ৰোধ কৰাত ব্যৰ্থ হৈ আহিছে । যাৰ বাবে অঞ্চলটোত দূৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি পোৱাৰ বিপৰীতে বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাই আহিছে ।

ফাৰহান লস্কৰৰ ৰিপৰ্ট, (শিৱসাগৰ)

Leave A Reply

Your email address will not be published.