শিৱসাগৰত উচ্ছেদৰ বন্ধৰ বাবে প্ৰতিবাদ দুটাকৈ জাতীয় সংগঠনৰ ৷ ভূমিহীন থলুৱাক পুনৰ সংস্থাপনৰ দাবী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷
ৰাজ্যত এফালে চলিছে চৰকাৰীভাৱে দৰিদ্ৰ লোকক ভূমি প্ৰদান আঁচনি আৰু আনফালে চলিছে দীৰ্ঘদিনে বসবাস কৰি অহা লোকক ভূমিৰপৰা চৰকাৰী ভাৱে উচ্ছেদৰ পৰিকল্পনা । এইবাৰ বিদেশীলৈ নহয়, স্বদেশী ভূমিপুত্ৰক ভূমি দিয়াৰ নামত শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ ।
শিৱসাগৰৰ ৰেল ষ্টেচনৰ দাতিকাষৰীয়া ৰে’ল বিভাগৰ মাটিত বছৰ বছৰ ধৰি বসবাস কৰি অহা প্ৰায় পাঁচ শতাধিক পৰিয়াললৈ ৰে’ল বিভাগৰ ভূমি এৰি দিয়াৰ জাননী । জাননীৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে এই সকল ভূমিপুত্ৰ । ৰে’ল বিভাগৰ ভূমিত বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকসকলক ৰে’ল বিভাগে উচ্ছেদৰ যো-জা চলোৱাৰ পিছতে হাহাকাৰ লাগে পৰিয়াল সমূহত । এই সন্দৰ্ভত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শতাধিক পৰিয়ালে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উচ্ছেদৰ পূৰ্বে ভূমিহীন পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰে । এতিয়া প্ৰশ্ন হয়? চৰকাৰে এইলোক সকলক ভূমিহীন পৰিয়ালবোৰক পুনৰ সংস্থাপিত কৰিবনে ?
(ফাৰহান লস্কৰৰ ৰিপৰ্ট, শিৱসাগৰ)