আটাইতকৈ দীঘলীয়া বিবাহিত জীৱন কটোৱা বাবে এহাল দম্পতীৰ গিনিছ বুকত স্থান
দীঘলীয়া দাম্পত্য জীৱন বুলিলে আপুনি কিমান বছৰ বুলি ভাবিব? ৫০ বছৰ? ৬০ বছৰ বা ৭০ বছৰৰ বৈবাহিক জীৱন !যদি এনেকু্ৱাকৈ ভাবিছে তেন্তে ভুল ভাবিছে ৷ দীঘলীয়া দাম্পত্য জীৱনৰ বাবে গিনিছ বুকত এহাল আমেৰিকান দম্পতীৰ নাম লিপিবদ্ধ হৈছিল । হাৰ্বাৰ্ট ফিছাৰ আৰু গেলমাইৰা নামৰ দম্পতীহালে ৮৬ বছৰ ধৰি আনন্দ, সুখ, দুখেৰে অতিবাহিত কৰিছিল।
হাৰ্বাৰ্ট আৰু গেলমায়া উত্তৰ কেৰোলিনাত ডাঙৰ দীঘল হৈছিল। প্ৰথমে দুয়ো ইজনে সিজনৰ ভাল বন্ধু হৈ পৰিছিল। ১৯২৪ চনত হাৰ্বাৰ্ট আৰু গেলমিৰাৰ বিবাহ হয়। সেই সময়ত হাৰ্বাৰ্টৰ বয়স আছিল ১৮ বছৰ আৰু গেলমাইৰাৰ বয়স আছিল ১৬ বছৰ। দম্পতীহালে বিভিন্ন প্ৰতিকূলতা অতিক্ৰম কৰি আঠ দশক একেলগে অতিবাহিত কৰিছে। ২০১১ চনৰ ফেব্ৰুৱাৰীত হাৰ্বাৰ্টৰ মৃত্যু হয়। মৃত্যু নোহোৱালৈকে দুয়ো একেলগে আছিল।