উত্তৰ প্ৰদেশৰ নিৰ্বাচন: দেওবাৰে বিজেপিয়ে প্ৰকাশ কৰিব সংকল্প পত্ৰ ৷ দৰিদ্ৰক দিব প্ৰাধান্য, কৃষক আৰু মহিলাক লৈ কৰিব বৃহৎ ঘোষণা ৷
অহা ১০ ফেব্ৰুৱাৰীত ৫৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ তাৰপূৰ্বেই ছয় ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ বিজেপিয়ে প্ৰাকশ কৰিব নিজৰ সংকল্প পত্ৰ। যোগী আদিত্য নাথে এই সংকল্প পত্ৰত দৰিদ্ৰ, মহিলা আৰু কৃষকক প্ৰাধান্য দিব বুলি চৰ্চিত হৈছে । ইয়াৰ উপৰিও নতুন সংস্থাপনৰ বাবেও এলানি ঘোষণা কৰা হ’ব ৷ বিজুলী যোগানৰ পৰা আৰম্ভ কৰি কৃষি ক্ষেত্ৰলৈ একাধিক বৃহৎ প্ৰতিশ্ৰুতি লৈ আনিব যোগী আদিত্য নাথে।
শুকুৰবাৰে গোৰখপুৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে যোগী আদিত্য নাথে। মনোনয়ন দাখিল কৰি যোগীৰ দাবী যে পুনৰ উত্তৰ প্ৰদেশত তেঁওৰ দলৰেই চৰকাৰ গঠন হ’ব ৷