ক’ভিড কালত ৩০০ কোটিৰ সীমা অতিক্ৰম কৰা একমাত্ৰ ভাৰতীয় ছবি ‘পুষ্পা’ ৷ মুঠ কিমান কোটি উপাৰ্জন কৰিলে পুষ্পাই?
লাহে লাহে হিন্দী ছবি বজাৰখনো দখল কৰিবলৈ সক্ষম হৈছে দক্ষিণৰ চিনেমাই ৷ পুষ্পাই পিছ পেলাইছে বলিউডৰ সকলো চিনেমাক । কেৱল হিন্দী ভাষাৰ ডাব ছবিখনতে ১০০ কোটি টকাৰ ব্যৱসায় পুষ্পাৰ ৷ পুষ্পা: দ্য ৰাইজ পাৰ্ট-১ হৈছে সুকুমাৰৰ দ্বাৰা লিখা আৰু পৰিচালিত এখন ভাৰতীয় তেলেগু ভাষাৰ অপৰাধ একচন থ্ৰিলাৰ চলচ্চিত্ৰ। অভিনেতাসকলৰ ভিতৰত আছে মুখ্য চৰিত্ৰত আল্লু অৰ্জুন, ৰশ্মিকা মন্দনা, ফাহাদ ফাজিল, প্ৰকাশ ৰাজ আৰু জগপতি বাবু। ইয়াৰ উপৰিও, হৰিশ উত্থামান, বেনেলা কিশোৰ আৰু অনুয়া ভৰদ্বাজ আছিল।
আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা: দ্য ৰাইজ’য়ে কেৱল তেলেগুতে নহয় হিন্দীতো দ্ৰুত ব্যৱসায় কৰি আছে। হিন্দীৰ লগতে, ইয়াক তামিল, মালায়ালম আৰু কানাড়া ভাষাতো ডাব কৰা হৈছে আৰু বজাৰত মুকলি কৰা হৈছে। সেইটো আকৰ্ষণীয়। শেহতীয়াকৈ, বাণিজ্য বিশ্লেষক ৰমেশ বালাই টুইট কৰিছে যে হিন্দীত ডাব কৰা ‘পুষ্পা: দ্য ৰাইজ’য়ে ১০০ কোটি টকা উপাৰ্জন কৰিছে।
আল্লুৰৰ ছবিখন পাঁচোটা ভাষাতে ছবিগৃহত মুকলি কৰিছে। চলচ্চিত্ৰখনে যোৱা সপ্তাহৰ প্ৰতিবেদন অনুসৰি ভাৰতত মুঠ ৩১৯ কোটি টকাৰ ব্যৱসায় কৰিছে। বিদেশত ছবিখনৰ লাভ ৩৫ কোটি। যদি যোগ কৰা হয়, মুঠ লাভ হৈছে ৩৫৪ কোটি টকা। মহামাৰীৰ মাজত ৩০০ কোটিৰ সীমা অতিক্ৰম কৰা একমাত্ৰ ‘পুষ্পাই হৈছে ভাৰতীয় চিনেমা ।