বড়ে মিঞা ছোটে মিঞাৰ ৰিমেক ৷ অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে কৰিব অভিনয় ৷
বলীউডৰ দুই একচন তাৰকা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফক এইবাৰ একেলগে দেখা যাব এখন নতুন ছবিত ৷ আলী আব্বাছ জাফৰ পৰিচালিত ‘বড়ে মিঞা ছোটে মিঞা’ৰ ৰিমেকত অভিনয় কৰিব দুয়োজনে ৷
এইচিনেমাখনৰ মূল অভিনেতা আছিল বলিউড কিংবদন্তি বিগ বি অমিতাভ বচ্ছন আৰু গোবিন্দা ৷ এসময়ৰ হিট কমেডি ছবিখনে বলীউডত তোলপাৰ লগাইছিল ৷
১৯৯৮ চনত ছবিখনে মুক্তি লাভ কৰিছিল ৷ বক্স অফিচ হিট চিনেমাখনত ৰবিনা টেণ্ডনেও অভিনয় কৰিছিল ৷ পূজা এন্টাৰটেইনমেন্ট প্ৰডাকচন হাউচে দেওবাৰে এই কথা ৰাজহুৱা কৰে ৷
প্ৰথমবাৰৰ বাবে বলীউডৰ এই দুই একচন হিৰোক একেলগে দেখা পোৱা যাব ৷ সকলোৱে মন্তব্য কৰিছে বলীউডত এয়া এক ডাঙৰ ধামাকা ৰূপে পৰিগণিত হ’ব ৷
দুয়োজন অভিনেতাৰ হাতত এতিয়া কামেই কাম ৷ বহু ব্যস্ত দুয়োজন অভিনেতা ৷ খিলাড়ী অক্ষয় কুমাৰৰ হাতত আছে ৰামসেঁতু, পৃথ্বীৰাজ, বচ্ছন পাণ্ডে, গোৰ্খা, মিচন চিনড্ৰেলা, ৰক্ষা বন্ধন আদি ছবি ৷
ইফালে টাইগাৰৰ হাতত আছে হিৰোপান্তি-২, বাগী-৪, গণপথ পাৰ্ট-১ আদি বিগ বাজেটৰ ছবি ৷