স্তব্ধ হ’ল যাদুকৰী সুৰৰ যাত্ৰাৰ ৷ লতা মংগেশকাৰ আৰু নাই ৷

দেওবাৰৰ পুৱাই দেশবাসীৰ বাবে এক দুঃখবৰ ৷ এটা শতিকা দেশবাসীক মোহাচ্ছন্ন কৰি ৰখা সুৰীয়া যাত্ৰা এটা দেওবাৰৰ পুৱাই স্তব্ধ হৈ গ’ল ৷ সুৰৰ সাম্ৰাজ্ঞী লতা মঙ্গেশকাৰৰ দেহাৱসান ঘটিছে ৷ লতা মংগেংশকাৰ আৰু নাই ৷ মুম্বাইৰ ব্ৰীছকেণ্ডী হাস্পাতালৰ পৰা দেশবাসীলৈ পুৱাই আহে এই দুঃখবৰ ৷ শোকস্তব্ধ হৈ পৰিছে দেশবাসী ৷ সমগ্ৰ দেশতে পৰিছে শোকৰ ছাঁ ৷

৮ জানুৱাৰীত ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত মুম্বাইৰ ব্ৰীছকেণ্ডী হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল
কোকিলকণ্ঠী লতা মংগেশকাৰক । ক’ভিডৰ লগতে আন জটিলতাতো আক্ৰান্ত হোৱাত তেওঁৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হৈ পৰিছিল । এফালে দেশবাসীৰ আকুল প্ৰাৰ্থনা, আনফালে চিকিৎসকৰ অহৰহ প্ৰচেষ্টাত কিছু সুস্থিৰ হৈছিল এশ চল্লিশ কোটি ভাৰতীয়ৰ মৰমৰ লতা দিদিৰ স্বাস্থ্য ৷ কিন্তু কেইদিনমান পূৰ্বে তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটাত কৃটিম জীৱনদায়িনী ব্যৱস্থাত ৰখা হৈছিল শিল্পীগৰাকীক ।

৯২ বছৰ বয়সত আজি ৬ ফেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ১২ মিনিটত লতা মংগেশকাৰে মুম্বাইৰ ব্ৰীচকেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

ক’ভিডৰ লগতে নিউম’নিয়াতো আক্ৰান্ত হৈছিল লতা মঙ্গেশকাৰ ৷ যাৰ ফলত যোৱা তিনিটা সপ্তাহ হাস্পতালত জীৱন-মৃত্যুৰে যুঁজিব লগা হৈছিল ভাৰতীয় সংগীত জগতৰ বিস্ময়কৰ প্ৰতিভা লতা মঙ্গেশকাৰে ৷

মুম্বাইৰ শিৱাজী পাৰ্কত দেশবাসীৰ মৰমৰ লতা দিদিৰ নশ্বৰ দেহ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰখা হ’ব ৷

১৯৯০ চনত দেশৰ চিনেমা জগতৰ সৰ্বোচ্ছ সন্মান দাদা চাহেব ফালকে বঁটা আগবঢ়োৱা হৈছিল নাইটিঙ্গেল খ্যাত লতা মঙ্গেশকাৰলৈ ৷ ভাৰতীয় সংগীত জগতলৈ সৰ্বোত্তম সেৱা আগবঢ়োৱা লতাজীলৈ ১৯৬৯ চনত পদ্ম ভূষণ, ২০০১ চনত দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মান ভাৰত ৰত্ন আগবঢ়াই দেশে সন্মান জ্ঞাপন কৰে ৷ দেশৰ কমেও ৩৬ টা ভাষাত হাজাৰ হাজাৰ গীতত কণ্ঠ নিগৰোৱা লতা মংগেশকাৰে ১৯৪২ চনত নেপথ্য সংগীত শিল্পী হিচাপে আৰম্ভ কৰিছিল সুৰৰ যাত্ৰা ৷ আৰু ৮ টা দশকৰ এই সুৰৰ যাদুকৰী যাত্ৰা স্তব্ধ হ’ল দেওবাৰৰ পুৱা মুম্বাইৰ ব্ৰীচকেণ্ডী হাস্পতালত ৷ জীৱন যাত্ৰাৰ অন্ত পৰিল কিংবদন্তী লতা মংগেশকাৰৰ ৷ কিন্ত লতা দিদিৰ সুৰৰ যাদুকৰী ঝংকাৰ দেশবাসীৰ হৃদয়তন্ত্ৰীত বৈ থাকিব অনন্ত কাললৈ ৷

Comments (0)
Add Comment