Daily Time Axom

আৰক্ষীৰ গুণ্ডাগিৰি! ‘হেলমেট পিন্ধা নাই কিয় ?’ সোধাৰ বাবেই চিৰাঙৰ বাসুগাঁৱত সাংবাদিকক আৰক্ষীৰ প্ৰহাৰ।

0 12

ৰাজ্যত আৰক্ষীৰ হাতত সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ চিৰাঙৰ বাসুগাঁৱত আৰক্ষী কনিষ্টবলৰ অশিষ্ট আচৰণকে গুণ্ডাগিৰি ৷ হেলমেট পিন্ধা নাই কিয় সোধাৰ বাবেই চিৰাঙৰ বাসুগাঁৱত সাংবাদিকক আৰক্ষীৰ প্ৰহাৰ ।

হেলমেট নিপিন্ধা বাইক আৰোহীক ৰাজ্যজুৰি জৰিমনা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ তাৰ বিপৰীতে বাসুগাঁৱত প্ৰদীপ সাহা নামৰ এজন আৰক্ষী কনিষ্টবলে হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলাই গৈছিল ব্যস্ত বজাৰ অঞ্চলৰ মাজেৰে ৷ সেয়া প্ৰত্যক্ষ কৰি জ্যেষ্ঠ সাংবাদিক জয়ন্ত দেৱনাথে আৰক্ষী জনক প্ৰশ্ন কৰিছিল- ” হেলমেটহীন ভাৱে কিয় মটৰ চাইকেল চলাইছে।” লগে লগে আৰক্ষীয়ে জয়ন্ত দেৱনাথক প্ৰহাৰ কৰে।

ঘটনাৰ লগে লগে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে গৰিহণা দিয়ে এই সাংবাদিক নিগ্ৰহৰ ঘটনাক ৷ ইতিমধ্যে কনিষ্টবল প্ৰদীপ সাহাসহ দুজনক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী প্ৰশাসনে ৷

Leave A Reply

Your email address will not be published.