মাত্ৰ ২৫ টকাৰে কেৰিয়াৰ আৰম্ভ কৰা লতা মংগেশকাৰে এৰি গ’ল বিশাল সা-সম্পত্তি

এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগিলে সংগীত সাম্ৰাজ্ঞী লতা মংগেশকাৰে ৷ সংগীতেই যাৰ জীৱন চৰ্যা আছিল সেই গৰাকী লতাৰ জীৱনৰ প্ৰথম উপাৰ্জন কিমান আছিল জানেনে আপুনি? আচৰিত যেন লাগিলেও এয়াই সত্য, লতা দিদিৰ প্ৰথম উপাৰ্জন আছিল মাত্ৰ ২৫ টকা ৷ লতা মংগেশকাৰৰ দেউতাক দীননাথ মংগেশকাৰ জড়িত আছিল নাটকৰ সৈতে ৷ সেই সূত্ৰেই নাটক আৰু গানৰ সৈতে জড়িত হৈ পৰিছিল লতা ৷
লতা মংগেশকাৰৰ প্ৰথম সংগীত গুৰু আছিল তেঁওৰ আইতাক । মাত্ৰ ১৩ বছৰ বয়সতে প্ৰথম উপাৰ্জন কৰিছিল গায়িকাৰূপে ৷ ২৫ টকাৰে আৰম্ভ কৰিছিল কেৰিয়াৰ ৷

২৫ টকাৰে আৰম্ভ কৰা লতাজীৰ সংগীত জীৱনৰ যি প্ৰমূল্য সেয়া ধনেৰে তুলনা কৰিব নোৱাৰি ৷ তথাপি সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৫ টকাৰে কেৰিয়াৰ আৰম্ভ কৰি লতা মংগেশকাৰে জীৱন নাট সামৰিছে ৯২ বছৰ বয়সত মাহে ৪০ লাখ টকা আয়েৰে । সেই হিচাবে বছৰত প্ৰায় ৬ কোটি টকা উপাৰ্জন আছিল লতা মংগেশকাৰৰ ৷ সম্পত্তিৰ গৰাকী হৈয়ো লতাই কটাইছিল এক সাধাৰণ জীৱন ৷ একাংশ বাতৰি কাকতৰ মতে মৃত্যুৰ সময়ত প্ৰায় ৪০০ কোটি টকাৰ সম্পত্তি এৰি গৈছে কোকিলকণ্ঠীয়ে। ইয়াৰ ভিতৰত আছে প্ৰভুকুঞ্জ নামৰ বাসগৃহ, বিলাসী গাড়ী আদি ৷

Comments (0)
Add Comment